নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংক চীনত হোম কোৱাৰেণ্টাইনত ২ কোটি লোক

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ চীনত শেহতীয়াকৈ ক’ভিড–১৯ মহামাৰীৰ দ্রুত সংক্রমণ ঘটিছে৷ গ্রামাঞ্চলৰ কৃষকসকলৰ মাজলৈ মহামাৰীৰ সংক্রমণ ঘটাৰ লগে লগে কেইবাখনো প্রদেশত প্রয়োগ কৰা হৈছে সংক্রমণ প্রতিৰোধী লকডাউন৷ মুঠ ২০ নিযুত অর্থাৎ ২ কোটি লোক বর্তমান ক’ভিড–১৯ৰ সংক্রমণৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে৷ শেহতীয়াকৈ লাংফাং চহৰত জাৰি কৰা হৈছে লকডাউন৷ চহৰখনৰ জনসংখ্যা হৈছে ৪.৯ নিযুত৷ লগে লগে চহৰখনৰ বাসিন্দাসকলৰ নিউক্লিক এচিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ চীনা বিশেষজ্ঞসকলে উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ গ্রামাঞ্চলত ক’ভিড–১৯ত কেইবাগৰাকীও লোক সংক্রমিত হোৱাৰ লগে লগে মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে৷ গতিকে লকডাউন কঠোৰভাৱে মানি চলাৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰিছে কেইবাগৰাকীও বিশেষজ্ঞই৷

You might also like