নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বছৰত ভাৰতে মুকলি কৰিব ২৩টা জলপথ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ দেশৰ সামুদ্রিক ভাৰত সন্মিলন–২০২১ উদ্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে কেন্দ্রীয় চৰকাৰে জলপথ উন্নয়নৰ নামত বৃহৎ পুঁজি বিনিয়োগ কৰি আছে৷ ২০৩০ চনৰ ভিতৰত ভাৰতে ২৩টা জলপথ কার্যক্ষম কৰি তুলিব বুলিও সংকল্প গ্রহণ কৰিছে চৰকাৰে৷ ঘৰুৱা জলপথৰ উপৰি প্রতিৱেশী ৰাষ্ট্রৰ সৈতে জলপথেৰে বিভিন্ন পৰিবহণ ব্যৱস্থা সুগম কৰাৰ চিন্তা চর্চা চলাইছে কেন্দ্রীয় চৰকাৰে৷ ২০১৪ চনত বছৰত গুৰুত্বপূর্ণ বন্দৰসমূহৰ সক্ষমতা আছিল ৮৪০ নিযুত টন৷

বর্তমান সেয়া ১৫৫০ নিযুত টনলৈ বছৰি বৃদ্ধি পোৱা বুলিও উল্লেখ কৰে মোদীয়ে৷ দেশৰ উপকূলীয় সীমাত ১৮৯টা লাইটহাউছ থকা কথাটো উল্লেখ কৰি আগন্তুক দিনত পর্যটকৰ আকর্ষণৰ কেন্দ্র হিচাপে লাইটহাউছবোৰক গঢ়ি তোলা হ’ব বুলিও মোদীয়ে উল্লেখ কৰে৷

স্মর্তব্য যে সামুদ্রিক পথেৰে পর্যটন শিল্পক অধিক সমৃদ্ধিশালী কৰি তোলাৰ চিন্তা–চর্চা ভাৰত চৰকাৰে চলাই থকা বুলি মোদীয়ে উল্লেখ কৰিছে৷ আজিৰ এই কার্যসূচীৰ সময়তে প্রধানমন্ত্রী মোদীয়ে সাগৰ মন্থন–মার্কেনটাইল মেৰিটাইম, ড’মেইন এৱাৰনেছ চেণ্টাৰ আৰু ২০৩০লৈ লক্ষ্য নির্ধাৰণ কৰি সামুদ্রিক ক্ষেত্রত উলিওৱা ই–বুক মুকলি কৰে৷ আগন্তুক ১০ বছৰত ভাৰতে সামুদ্রিক উদ্যোগ তথা ব্যৱসায়, বাণিজ্যক বিশ্বৰ ভিতৰতে এক সমৃদ্ধিশালী শিল্পলৈ পৰিৱর্তন কৰাৰ উদ্যোগ গ্রহণ কৰা বুলিও মোদীয়ে ঘোষণা কৰিছে৷

লক্ষণীয়ভাৱে ভাৰতীয় জাহাজ নির্মাণ ক্ষেত্রসমূহত দেশীয় প্রযুক্তিৰে জাহাজ নির্মাণৰ ক্ষেত্রত চৰকাৰে বিত্তীয় সাহায্য গ্রহণৰ নীতি সন্দর্ভত চিন্তা–চর্চা চলাই থকাৰ কথাও প্রধানমন্ত্রীগৰাকীয় বক্তব্যত উল্লেখ কৰিছে৷ একে সময়তে ভাৰতৰ উপকূলীয় অঞ্চল বিনিয়োগৰ বাবে প্রতীক্ষাত থকা বুলি উল্লেখ কৰি বিদেশী বিনিয়োগকাৰী সকলকো এইক্ষেত্রত আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে মোদীয়ে৷

You might also like