নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘলৈ এছএফজেৰ ১০ হাজাৰ ডলাৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  ভাৰতৰ কৃষক আন্দোলনৰ প্রতি সমর্থন জনোৱা মন্তব্যৰ বাবে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়ুক্ত মিচেল বেচেলেটৰ হাতত ১০ হাজাৰ ডলাৰ অর্পণ কৰিছে বিচ্ছিন্নতাবাদী গোট শিখ ফৰ জাষ্টিচ (এছএফজে)এ৷   শিখ সংগঠনটোৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে৷ যোৱা ২৬ ফেব্রুৱাৰীত ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪৬সংখ্যক অধিৱেশনত বেচেলেটে উল্লেখ কৰিছিল যে কৃষক আন্দোলন সন্দর্ভত সংবাদ পৰিৱেশন তথা মন্তব্য কৰাৰ বাবেই ভাৰতত সাংবাদিক তথা অধিকাৰ কর্মীৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ অভিযোগ অনা হৈছে৷

আনকি ছ’চিয়েল মিডিয়াত নিজৰ মত প্রকাশৰ স্বাধীনতাও হৰণ কৰাৰ প্রচেষ্টা চলাই থকা হৈছে৷ এনে কার্য জৰুৰী মানৱ অধিকাৰ নীতিৰ পৰিপন্থী বুলিও বেচেলেটে উল্লেখ কৰিছিল৷ এছ এফ জেৰ তৰফৰ পৰা বেচেলেটৰ সৈতে যোগাযোগ স্থাপন কৰি ভাৰতত কৃষক আন্দোলনৰ সময়ত মত প্রকাশৰ স্বাধীনতা হৰণ হোৱা বিষয়টোৰ তদন্ত কৰিবলৈ এক আয়োগ গঠন কৰাৰো অনুৰোধ জনোৱা হৈছে৷ নেত্রীগৰাকীক ভাৰতত চলি থকা ঘটনা সন্দর্ভত মানৱ অধিকাৰ পৰিষদত স্পষ্টকৈ কোৱা বাবেই ধন্যবাদ জ্ঞাপন কৰি মানৱ অধিকাৰ ৰক্ষাৰ বাবে এছ এফ জেৰ তৰফৰ পৰা ১০ হাজাৰ ডলাৰ অর্থাৎ ৭.৩৩ লাখতকৈ অধিক টকা অর্পণ কৰা হৈছে৷ এছ এফ জেৰ এনে কার্যক লৈ ইতিমধ্যে ভাৰতত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷

স্মর্তব্য যে এছ এফ জেৰ পৰা বেচেলেটলৈ প্রেৰণ কৰা এক পত্রত শেহতীয়াকৈ কট্টৰ হিন্দুপন্থী সংগঠনসমূহে ছ’চিয়েল মিডিয়াজুৰি হত্যা, শিৰশ্ছেদ আদিৰ প্রচাৰ চলাই থকা বুলিও অভিযোগ কৰা হৈছে৷ ইফালে, উগ্র হিন্দুপন্থীয়ে এনে কার্য কৰি থকাৰ বিপৰীতে প্রতিবাদী জনতাৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ অভিযোগ অনা হৈছে বুলি ঘোষণা কৰা হৈছে পত্রখনত৷

You might also like