নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ শতিকাজোৰা বিতর্কৰ পৰা বহু প্রতীক্ষিত ভূমি পূজনলৈ

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ   পাঁচ শতিকাজোৰা প্রতীক্ষাৰ অৱসান ঘটিল৷ অযোধ্যাত ৰাম জনমভূমি নে বাবৰি মছজিদ? এই প্রশ্ণটোক কেন্দ্র কৰি বিতর্কৰ সমান্তৰালভাৱে ভাৰতৰ ইতিহাসত সূচনা হৈছিল এক ৰক্তৰঞ্জিত অধ্যায়ৰ৷ ১৩৫ বছৰ পূর্বে আদালতৰ মজিয়া পোৱা অযোধ্যাৰ বিবদমান ভূমিখণ্ডৰ গোচৰটো বিগত বর্ষৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত নিষ্পত্তি হয়৷ কিন্তু ইয়াৰ পাছত উৎকণ্ঠাৰ সৃষ্টি হৈছিল– কেতিয়া অযোধ্যাত বহু প্রতীক্ষিত ৰাম মন্দিৰৰ নির্মাণ সম্ভৱ হৈ উঠিব? অৱশেষত বুধবাৰৰ দিনটোতে ৰাম মন্দিৰৰ ভূমি পূজন কার্য সম্পন্ন হ’ল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন কৰে৷ ৰাম জনমভূমি–বাবৰি মছজিদকেন্দ্রিক দেশৰ ইতিহাসৰ ৰাজনৈতিকভাৱে অতি স্পর্শকাতৰ ৪৯২ বছৰীয়া অযোধ্যাকেন্দ্রিক বিতর্কৰ চমু পৰিক্রমা–
১৫২৮ চনঃ অযোধ্যাত বাবৰি মছজিদ নির্মাণ কৰে সম্রাট বাবৰৰ সেনাপতি মিৰ বাকীয়ে৷ ইয়াৰ দুবছৰ পূর্বে ভাৰতত মোগল সাম্রাজ্য প্রতিষ্ঠা কৰিছিল জহিৰুদ্দিন মহম্মদ বাবৰে৷
 ১৮৮৫ চনঃ ২৮ বছৰ পূর্বে মোগল যুগৰ অন্ত পৰিছিল৷ তেতিয়া ভাৰতত ব্রিটিছৰাজ সু–প্রতিষ্ঠিত৷ ফৈজাবাদ জিলা আদালতৰ দ্বাৰস্থ হৈ ৰাম জনমভূমি–বাবৰি মছজিদৰ বিতর্কিত ভূ–খণ্ডৰ বাহিৰত ভগৱান ৰামৰ মূর্তি স্থাপনৰ অনুমতি বিচাৰে মহন্ত ৰঘুবীৰ দাসে৷ অৱশ্যে আদালতে এই আর্জি খাৰিজ কৰে৷
 ১৯৪৯ চনঃ প্রায় ডেৰ বছৰ পূর্বে দেশ স্বাধীন হৈছিল৷ ডিচেম্বৰ মাহৰ শেষ সপ্তাহ, শীতৰ নিশা৷ বিতর্কিত কাঠামোৰ মূল গম্বুজৰ তলত স্থাপন কৰা হয় ভগৱান ৰামৰ মূর্তি৷ মন্দিৰপন্থীসকলে দাবী কৰে– ‘ভগৱান ৰাম প্রকট হৈছে৷’
 ১৯৫০ চনঃ গোপাল চিমলা আৰু মহন্ত ৰামচন্দ্র দাসে ফৈজাবাদ আদালতত পৃথকে পৃথকে আবেদন দাখিল কৰি বিতর্কিত স্থানত ভগৱান ৰামচন্দ্রৰ পূজাৰ অনুমতি বিচাৰে৷
১৯৫৯ চনঃ বিতর্কিত ভূমিখণ্ডৰ মালিকানা দাবী কৰি গোচৰ ৰুজু কৰে নির্মোহী আখড়াই৷
 ১৯৮১ চনঃ তেতিয়া বিশ্বনাথ প্রতাপ সিং উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী৷ বিতর্কিত ভূমিখণ্ডৰ মালিকী স্বত্ব দাবী কৰি এইবাৰ আদালতৰ দ্বাৰস্থ হয় চেণ্ড্রেল চুন্নী ৱাকফ ব’ড৷
 ১ ফেব্রুৱাৰী, ১৯৮৬ চনঃ বিতর্কিত কাঠামোৰ দুৱাৰ হিন্দুসকলৰ উপাসনাৰ বাবে খুলি দিবলৈ নির্দেশ দিয়ে ফৈজাবাদৰ আদালতে৷
১৪ আগষ্ট, ১৯৮৯ চনঃ বিতর্কিত ভূমিত স্থিতাৱস্থা বাহাল ৰখাৰ নির্দেশ এলাহাবাদ হাইক’টৰ৷
 ৬ ডিচেম্বৰ, ১৯৯২ চনঃ স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ বিতর্কিত তাৰিখবোৰৰ ভিতৰত অন্যতম৷ কৰ সেৱকসকলৰ দ্বাৰা বাবৰি মছজিদত আক্রমণ৷
৩ এপ্রিল, ১৯৯৩ চনঃ সংসদত বিধেয়ক গৃহীত কৰি অযোধ্যাৰ বিতর্কিত ভূমিৰ দখলী স্বত্ব লয় কেন্দ্রীয় চৰকাৰে৷
 ২৪ অক্টোবৰ, ১৯৯৪ চনঃ ঐতিহাসিক ইছমাইল ফাৰুকি গোচৰত দেশৰ সর্বোচ্চ আদালতৰ মত– কোনো মছজিদকে ইছলামৰ অবিচ্ছেদ্য অংগ হিচাপে ধৰা নহ’ব৷
 ৩০ ছেপ্টেম্বৰ ২০১০ চনঃ অযোধ্যা গোচৰৰ ৰায়দান কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ তিনি ন্যায়াধীশৰ দ্বাৰা গঠিত বিচাৰপীঠে সংখ্যাগৰিষ্ঠ মতামতৰ ওপৰত ৰায় দি কয় যে বিতর্কিত ভূমিখণ্ড তিনি ভাগত ক্রমে চুন্নী ৱাকফ ব’ৰ্ড, নির্মোহী আখড়া আৰু ভগৱান ৰাম বিৰাজমানৰ মাজত ভাগ কৰি দিয়া হৈছে৷

 ৯ মে’, ২০১১ চনঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ৷
২১ মার্চ, ২০১৭ চনঃ উচ্চতম ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ জে এছ খেহৰে কয় যে অযোধ্যা বিবাদৰ মীমাংসা আদালতৰ বাহিৰত কৰা হওক৷
৭ আগষ্ট, ২০১৭ চনঃ অযোধ্যা গোচৰৰ শুনানিৰ বাবে তিনিজনীয়া বিচাৰপীঠ গঠন উচ্চতম ন্যায়ালয়ৰ৷
 ২০ নৱেম্বৰ, ২০১৭ চনঃ উত্তৰ প্রদেশ চিয়া চেণ্ড্রেল ৱাকফ ব’র্ডে অযোধ্যাত মন্দিৰ স্থাপন কৰিলেও আপত্তি নথকাৰ কথা স্পষ্ট কৰে৷ ইয়াৰ বিনিময়ত লক্ষ্ণৌত মছজিদ নির্মাণৰ চর্ত দিয়ে৷
 ৫ ডিচেম্বৰ, ২০১৭ চনঃ উচ্চতম ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ দীপক মিশ্র, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এছ আব্দুল নাজিৰৰ বিচাৰপীঠে নতুনকৈ অযোধ্যা গোচৰৰ শুনানি গ্রহণ প্রক্রিয়া আৰম্ভ কৰে৷
 ২৯ অক্টোবৰ, ২০১৮ চনঃ উচ্চতম ন্যায়ালয়ৰ সেই সময়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত নতুনকৈ তিনিজনীয়া বিচাৰপীঠ গঠন৷
 ৮ জানুৱাৰী, ২০১৯ চনঃ দেশৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত এইবাৰ গঠন কৰা হ’ল পাঁচজনীয়া বিচাৰপীঠ৷
৮ মার্চ, ২০১৯ চনঃ ন্যায়াধীশ এফ এম কলিফুল্লা, আধ্যাত্মিক গুৰু শ্রীশ্রীৰবিশংকৰ আৰু অধিবক্তা শ্রীৰাম পঞ্চুক লৈ মধ্যস্থতাকাৰী পেনেল গঠন কৰি দিয়ে উচ্চতম ন্যায়ালয়ে৷
২ আগষ্ট, ২০১৯ চনঃ মধ্যস্থতাৰ চেষ্টা ব্যর্থ৷ উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ঘোষণা– ৬ আগষ্টৰ পৰা প্রতিদিনে অযোধ্যা গোচৰৰ শুনানি গ্রহণ কৰা হ’ব৷
 ১৮ ছেপ্টেম্বৰ, ২০১৯ চনঃ মধ্যস্থতাকাৰী পেনেলক পুনৰ আলোচনা আৰম্ভ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নির্দেশ৷ আলোচনা এক মাহৰ ভিতৰত সম্পন্ন কৰাৰ সময়সীমা বান্ধি দিয়া হয়৷
১৬ অক্টোবৰ, ২০১৯ চনঃ একেৰাহে ৩৯ দিন ধৰি শুনানি গ্রহণ কৰা হয়৷ অন্তিম শুনানি গ্রহণৰ সময়তে উচ্চতম ন্যায়ালয়ৰ সেই সময়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মন্তব্য আছিল এনেধৰণৰ– ‘বহুত হৈ গ’ল, আজিয়েই অযোধ্যা গোচৰৰ শুনানি শেষ কৰিব লাগিব৷’ অন্তিম শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত নাটকীয় পৰিৱেশৰো সূত্রপাত ঘটে৷ কুনাল কিশোৰে লিখা এখন গ্রন্থত সন্নিৱিষ্ট ৰাম জনমভূমি চিত্রিত এখন মানচিত্র ৱাকফ ব’ৰ্ডৰ দ্বাৰা নিয়োজিত অধিবক্তা ৰাজীৱ ধাৱনে শুনানি চলি থকাৰ মাজতে ফালি পেলোৱাক কেন্দ্র কৰি উত্তেজনাময় পৰিস্থিতিৰ সূত্রপাত ঘটে৷ এনেধৰণৰ পৰিস্থিতিৰ মাজতে বিয়লি প্রায় ৪ বজাত শুনানিৰ অন্ত পৰে৷ অৱশ্যে সেই দিনা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠে ৰায় সংৰক্ষিত ৰাখিছিল৷
৮ নৱেম্বৰ, ২০১৯ চনঃ যিকোনো মুর্হূততে উচ্চতম ন্যায়ালয়ে প্রদান কৰিব অযোধ্যা বিবাদৰ ৰায়৷ ইয়াক কেন্দ্র কৰি বিগত দিনকেইটাত ব্যাপক চর্চা, জল্পনা–কল্পনা৷ অযোধ্যাকে ধৰি উত্তৰ প্রদেশত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা বেষ্টনী৷ দেশজুৰি জাৰি কৰা হয় সতর্কতা৷ ইয়াৰ মাজতে নিশাৰ ভাগত ঘোষণা কৰা হয় যে ৯ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠে অযোধ্যা বিবাদ গোচৰৰ ৰায়দান কৰিব৷ ইয়াৰ পূর্বে বিয়লি উত্তৰ প্রদেশৰ মুখ্য ন্যায়াধীশ আৰু আৰক্ষী সঞ্চালকপ্রধানৰ সৈতে বৈঠকত মিলিত হৈ নিৰাপত্তা ব্যৱস্থাৰ বুজ লৈছিল উচ্চতম ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে৷
৯ নৱেম্বৰ, ২০১৯ চনঃ উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অযোধ্যা বিতর্ক সন্দর্ভত ১,০৪৫ পৃষ্ঠাজোৰা ঐতিহাসিক ৰায় প্রদান কৰে৷ এই ৰায়ত কেইবাটাও গুৰুত্বপূর্ণ নির্দেশ সন্নিৱিষ্ট হৈছে৷ পাঁচ শতিকাজোৰা বিতর্ক তথা ১৩৫ বছৰীয়া আইনী যুঁজ নিষ্পত্তি কৰি উচ্চতম ন্যায়ালয়ে প্রদান কৰা ৰায়ৰ মূল দিশটো আছিল– যি ২.৭৭ একৰ ভূমিক লৈ বিবাদৰ উদ্ভৱ হৈছিল, সেই আটাইখিনিয়ে দিয়া হৈছে ৰাম মন্দিৰ নির্মাণৰ বাবে৷ ব’ৰ্ড অৱ ট্রাষ্ট গঠন কৰি কেন্দ্রীয় চৰকাৰক ৰাম মন্দিৰ নির্মাণৰ দায়িত্ব অর্পণ কৰে উচ্চতম ন্যায়ালয়ে৷ ইয়াৰ বিপৰীতে অযোধ্যাৰে কোনো ভাল ঠাইত ৫ একৰ বিকল্প ভূমি চুন্নী ৱাকফ ব’ৰ্ডক দিয়াৰ বাবে চৰকাৰক নির্দেশ দিয়া হয়৷ য’ত চুন্নী ৱাকফ ব’র্ডে মছজিদ নির্মাণ কৰিব৷ মন কৰিবলগীয়া যে উক্ত ৰায় প্রদান কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে চিয়া ৱাকফ ব’ড, চুন্নী ৱাকফ ব’ৰ্ড আৰু নির্মোহী আখড়াৰ দাবী খাৰিজ কৰিছিল৷ ৫জনীয়া সাংবিধানিক বিচাৰপীঠে সর্বসন্মতিক্রমে প্রদান কৰা ৰায়ত এই সন্দর্ভত দেশৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ভাষ্য আছিল এনেধৰণৰ– ‘কেৱল বিশ্বাসৰ ভিত্তিত কোনো অধিকাৰ দাবী কৰিব পৰা নাযায়৷ মাটিৰ মালিকানা আইনী ভিত্তিত স্থিৰ কৰা উচিত৷’
১২ ডিচেম্বৰ, ২০১৯ চনঃ অযোধ্যাৰ ভূমি বিবাদ গোচৰৰ ৰায়ৰ বিপৰীতে দাখিল কৰা একাধিক আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে৷
 ৫ ফেব্রুৱাৰী, ২০২০ চনঃ ‘শ্রীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাস’ গঠনত কেন্দ্রীয় কেবিনেটৰ অনুমোদন৷ এই ন্যাসে ৰাম মন্দিৰ নির্মাণৰ সকলো দিশ তদাৰক কৰিব৷
 ২৪ ফেব্রুৱাৰী, ২০২০ চনঃ অযোধ্যাৰ ছোহাৱাল তহচিলত মছজিদ নির্মাণৰ বাবে উত্তৰ প্রদেশ চৰকাৰে দিয়া ৫ একৰ মাটি গ্রহণ কৰে ‘উত্তৰ প্রদেশ চুন্নী চেণ্ড্রল ৱ’কাফ ব’ড’–এ৷
৫ আগষ্ট, ২০২০ চনঃ ব্যাপক আয়োজনৰ মাজতে অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ বাবে ভূমি পূজন সম্পন্ন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

You might also like