নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালা–পশ্চিমবংগত ৯ আল–কায়দা সন্ত্রাসবাদীক গ্রেপ্তাৰ নিয়াৰ

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল দেশ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ কুখ্যাত জেহাদী সংগঠন আল–কায়দাৰ নেটৱর্ক দেশজুৰি সক্রিয় ৰূপত আছে৷ পাকিস্তানৰ পৃষ্ঠপোষকতাত আল–কায়দাই দেশৰ প্রান্তে প্রান্তে নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্রীয় অনুসন্ধান সংস্থাই (নিয়া) কালি কেৰালা আৰু পশ্চিমবংগত অভিযান চলাই ৯ দুর্ধর্ষ আল–কায়দা সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

‘নিয়া’ৰ কেইবাটাও দলে পৃথকে পৃথকে কেৰালা আৰু পশ্চিমবংগত অভিযান চলাই আপত্তিজনক নথিপত্র, ডিজিটেল ডিভাইচ, ধর্মীয় গ্রন্থসহ ৯ আল–কায়দাক গ্রেপ্তাৰ কৰে৷ অভিযানকাৰী ‘নিয়া’ৰ তথ্যত প্রকাশ পোৱা মতে কালি পুৱা কেৰালাৰ এর্নাকুলাম আৰু পশ্চিমবংগৰ মুর্ছিদাবাদত অভিযান চলাই আল–কায়দাৰ ঘাটি উচ্ছেদ কৰে৷

তদন্তকাৰী সংস্থাটোৱে বিবৃতিত প্রকাশ কৰা মতে, দুয়ো ৰাজ্যৰ পৰা মুঠ ৯ আল–কায়দা সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰে৷ ইয়াৰে ভিতৰত ৬ সন্ত্রাসবাদী পশ্চিমবংগ আৰু তিনি সন্ত্রাসবাদী কেৰালাৰ পৰা গ্রেপ্তাৰ কৰা হয়৷

প্রাৰম্ভিক অনুসন্ধান মতে, আল–কায়দাৰ ধৃত সন্ত্রাসবাদীকেইটাই দেশৰ গুৰুত্বপূর্ণ স্থানত সন্ত্রাসবাদী আক্রমণেৰে নিৰীহ লোকক হত্যাৰ পৰিকল্পনা কৰিছিল৷ গ্রেপ্তাৰ কৰা আল–কায়দা সন্ত্রাসবাদীয়ে দেশৰ পৰা পুঁজি সংগ্রহ কৰাৰ লগতে ইয়াৰে কেইজনমানে দিল্লীলৈ গৈ অস্ত্র–শস্ত্র ক্রয় কৰাৰ পৰিকল্পনা কৰিছিল৷

তাৎপর্যপূর্ণ যে কেৰালাত ইয়াৰ পূর্বেও অভিযান চলাই ‘নিয়া’ই আল–কায়দাৰ লগতে আইছিছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছিল৷ কেৰালাৰ পৰা মুছলিম ধর্মাৱলম্বী যুৱক আইছিছত ভর্তি হৈ ছিৰিয়াত জেহাদত অংশ লোৱাৰো অনেক তথ্য ‘নিয়া’ই লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি কর্ণাটক, তামিলনাডু, কাশ্মীৰ আৰু নতুন দিল্লীতো সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অনুসন্ধানকাৰী সংস্থাই৷

ইপিনে কালি ‘নিয়া’ই অভিযান চলাই আল–কায়দাৰ ৬ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰাৰ পিছতেই পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধানখৰে ৰাজ্যৰ প্রশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ৰাজ্যপালগৰাকীয়ে কয় যে গণতন্ত্রক অস্থিৰ কৰি তোলাৰ সম্ভাৱনাৰে পশ্চিমবংগ হৈ পৰিছে বেআইনী বোমা নির্মাণ কৰা গৃহ৷

পশ্চিমবংগৰ আৰক্ষীয়ে এই দায়বদ্ধতাৰ পৰা নিজকে আঁতৰাই থাকিব নোৱাৰে৷ ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্রধানে বাস্তৱতাৰ পৰা আঁতৰি থাকি উটৰ দৰে মুখ লুকুওৱা কার্য উদ্বেগজনক বুলিও কয় ৰাজ্যপালগৰাকীয়ে৷

You might also like