নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক কাৰণত ভূগোল ভাগ হ’ল নেকি এইখন জিলাৰ?

অসমৰ ৩৪ সংখ্যক জিলা হৈছে বজালী জিলা৷ অসমৰ ভ্ৰাম্যমাণ নাট্য নগৰী হিচাপে পৰিচিত পাঠশালাক জিলাৰ সদৰ হিচাপে লৈ গঠন কৰা বজালী হৈছে ৰাজ্যৰ দ্বিতীয় ক্ষুদ্ৰতম জিলা৷ বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি, প্ৰায় ৪১৮ বৰ্গ কিলোমিটাৰ জোৰা জিলাখন শিক্ষা আৰু নাট্য সংস্কৃতিৰ বাবে বিশেষভাৱে উল্লেখনীয় এখন জিলা৷

কিন্তু ৰাইজৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত জিলাৰ মৰ্যাদা লাভ কৰিও এখন পূৰ্ণাংগ জিলাৰ ৰূপ নোপোৱা জিলাত পৰিণত হৈছে বজালী জিলা৷ ৰাজনৈতিক মেৰপেচত ভূগোল ভাগ ভাগ হোৱা জিলাখন ঘোষণা হোৱাৰ চাৰিবছৰ পাচতো এখন মানচিত্র আঁকিব পৰা নগ’ল নামনি অসমৰ বজালী জিলাৰ৷ ৰাজনৈতিক মেৰপেছত বন্দী হৈ আজিও পূৰ্ণাংগ জিলাৰ ৰূপ নোপোৱা বজালী জিলা গঠন প্ৰক্ৰিয়াৰ কাহিনী শুনিলে যেন সকলোৱে তভক মানিব৷

আছুৰ সহযোগত বজালীৰ ৰাইজে কেবাবছৰ ধৰি বজালী জিলা গঠনৰ দাবী উত্থাপন কৰি অহাৰ পাছত ২০১৯ চনত বজালী জিলা গঠনৰ প্ৰক্ৰিয়া চৰকাৰীভাৱে আৰম্ভ কৰা হয়। ২০২০ চনৰ ১০ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক বজালী জিলালৈ উন্নীত কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ২০২১ চনৰ ১২ জানুৱাৰীত অসমৰ তদানীন্তন ৰাজ্যপাল জগদীশ মুখীয়ে বজালীক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ ঘোষণা কৰে৷

এনেদৰে অসমৰ মানচিত্ৰত ৩৪ সংখ্যক জিলা হিচাপে চিহ্নিত হয় বজালী জিলা৷ ২০২১ চনত বজালী জিলা গঠনৰ পিছত প্ৰশাসনিক কামকাজ লাহে লাহে আৰম্ভ হবলৈ ধৰে যদিও পুনৰ ২০২২ চনৰ ৩১ জানুৱাৰীত সমষ্টি পুনৰনিৰ্ধানৰ পৰিপ্ৰেক্ষিত জিলাৰ মৰ্যাদা কৰ্তন কৰি বৰপেটা জিলাৰ সতে সংলগ্ন কৰা হয়। সমষ্টি পুনৰনিৰ্ধানৰ বাবে বজালী জিলা কৰ্তন কৰা হয় যদিও পুনৰনিৰ্ধানৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাত ৰাইজৰ দাবীত পুনৰ ২০২৩ চনত বজালী জিলা ঘোষণা হয়।

কিন্তু বজালী জিলাত নৱগঠিত বজালী বিধানসভা সমষ্টি আৰু ভবানীপুৰ সৰভোগ বিধানসভা সমষ্টি অন্তর্ভুক্ত হোৱাত বৰপেটাত তীব্র আন্দোলন আৰম্ভ হোৱাত চৰকাৰে পুনৰ বজালী জিলা কৰ্তন কৰিবলৈ বাধ্য হয়৷ তাৰ পাচত বজালী জিলাৰ বাবে আকৌ আৰম্ভ হয় ধাৰাবাহিক আন্দোলন, গঠন কৰা হয় বজালী জিলা সুৰক্ষা সমিতি৷ বিভিন্ন দল সংগঠনৰ সহযোগত বজালীবাসী ৰাইজৰ ধাৰাবাহিক আন্দোলনৰ পৰিপ্ৰেক্ষিতত ২০২৩ চনৰ ১২ অক্টোবৰত বজালীক পুনৰবাৰ জিলা হিচাপে ঘোষণা কৰি জিলাখনৰ পৰিসীমা পূৰ্বৰ বজালী মহকুমাতকৈও সৰু কৰা হয়৷

উল্লেখ্য যে এফালে বজালী জিলাৰ সীমা আনহাতে বজালী জিলাত শেহতীয়াকৈ অন্তর্ভুক্ত কৰা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ এটা অংশই বজালী জিলাৰ ভৌগোলিক পৰিসীমাত বৃহৎ খেলিমেলিৰহে সৃষ্টি কৰিলে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সৃষ্টি কৰা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ এটা অংশ বজালী জিলাত আৰু এটা অংশ বৰপেটা জিলাত অন্তর্ভুক্ত হোৱাত বিভিন্ন কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছে। আনকি ৰাইজৰ বহু কষ্টৰ ফলত পাঠশালাৰ বুকুত জন্মলাভ কৰি উচ্চ শিক্ষাৰ এক ঐতিহাসিক অনুষ্ঠানৰূপে পৰিগণিত বজালী মহাবিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হয় যদিও ৰাজনৈতিক পাকচক্ৰত বিশ্ববিদ্যালয়খনৰ নৱনিৰ্মিত দ্বিতীয়টো চৌহদ পাঠশালাৰ পৰা উঠাই নিয়া হ’ল ভৱানীপুৰ সৰভোগ সমষ্টিৰ মেধিকুছিলৈ, যিখন ঠাই বৰপেটা জিলাৰ অন্তৰ্গত নে বজালী জিলাৰ অন্তৰ্গত তাক লৈ আজিও বিভ্ৰান্ত অঞ্চলটোৰ ৰাইজ৷

উল্লেখ্য যে বজালী জিলা আৰু বৰপেটা জিলাৰ মাজত সীমা নিৰ্ধাৰণ কৰাক লৈ ৰাইজৰ মাজত মতানৈক্য হোৱাত ৰাজ্য চৰকাৰে বিষয়টি নিষ্পত্তি কৰাৰ বাবে তিনিজনকৈ কেবিনেট মন্ত্রীক লৈ এখন সমিতি গঠন কৰে যদিও আজি পৰ্যন্ত একো নিষ্পত্তি নহ’ল৷ জিলাখনৰ সীমা নিৰ্ধাৰণ বাবে মন্ত্ৰী ক্ৰমে জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাক লৈ আঢ়ৈ বছৰ পূৰ্বেই এখন কেবিনেট উপ-সমিতি গঠন কৰিলে৷ কেবিনেট উপ-সমিতি গঠন কৰি এই উপসমিতিখনে বজালী আৰু বৰপেটা জিলাৰ শতাধিক দল সংগঠনৰ প্ৰতিনিধি তথা ৰাইজৰ সতে আলোচনাত বহিছিল আৰু ৰাইজৰ মতামতো গ্ৰহণ কৰিছিল যদিও কেবিনেট উপসমিতিখনে অদ্যপি কি সিদ্ধান্ত গ্ৰহণ কৰিলে বা কিয় সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই তাৰো কোনো খবৰ নাই৷ বিশেষকৈ ভবানীপুৰ- সৰভোগ বিধানসভা সমষ্টি আজিও দিখণ্ডিত হৈ বজালী আৰু বৰপেটাৰ মাজত ওলমি ৰৈছে৷ বাৰে বাৰে বজালী জিলা ঘোষণা-কৰ্তনৰ পৰিপ্ৰেক্ষিতত এতিয়া বজালীত প্ৰশাসনীয় জিলাৰ বেলেগ সীমা, আৰক্ষী জিলাৰ বেলেগ সীমা, শিক্ষা জিলাৰ বেলেগ সীমা, নিৰ্বাচন জিলাৰ বেলেগ সীমা হৈ এক বিভ্ৰান্তিৰ সৃষ্টিহে কৰিছে৷

বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ ফাইলৰ এটা অংশ বজালীত, আন এটা অংশ বৰপেটাত থকাৰ বাবে বিভিন্ন অসুবিধা হৈছে সাধাৰণ ৰাইজ তথা প্ৰশাসন৷ উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত বজালীৰ পৰা হোৱা নিৰ্বাচনী জিলা আৰু পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনী জিলাও বেলেগ বেলেগ হোৱা দেখা গ’ল। মুঠৰ ওপৰত ৰাজনীতিৰ পাকচক্ৰত পৰি বজালী জিলাবাসী সম্প্ৰতি আহুকালৰহে সন্মুখীন হবলগীয়া হ’ল৷ মহকুমাৰ পৰা জিলালৈ উন্নীত হোৱাৰ পৰিপ্ৰেক্ষিত কাৰ্যত মহকুমাধিপতি কাৰ্যালয়ৰ ফলকখন জিলা আয়ুক্তৰ কাৰ্যালয় আৰু মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ ফলকখন জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ সলনি হোৱাৰ বাদে যেন বিশেষ একো সলনি নহ’ল৷ জিলা এখনত থাকিবলগীয়া বিভাগসমূহৰ জিলা মুখ্য কাৰ্যালয় এটাও আজিলৈকে স্থাপন নহ’ল। স্থাপন নহ’ল শিক্ষা বিভাগৰ কাৰ্যালয়, জিলা নিয়োগ বিনিময় কেন্দ্ৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়, পৰিবহন বিভাগৰ কাৰ্যালয়, জনসংযোগৰ কাৰ্যালয়কে আদি কৰি জিলা এখনত থাকিবলগীয়া কোনো এটা বিভাগৰ কাৰ্যালয়৷

জানিব পৰা অনুসৰি বজালীত শিক্ষা বিভাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিভিন্ন পদৰ অনুমোদনো হৈছিল৷ কিন্তু কি কাৰণত অদ্যপি কাৰ্যত হৈ নুঠিল সেয়াও এক সাথৰত পৰিণত হৈছে৷ যাৰ ফলত শিক্ষা বিভাগৰ অতি সৰু এটা কামৰ বাবেও বজালীৰ প্ৰায় ১৪০০ শিক্ষক কৰ্মচাৰীয়ে বজালী জিলাত কৰ্মৰত হৈও বৰপেটালৈ দৌৰিব লাগে। মুঠৰ ওপৰত বজালীক জিলাৰ মৰ্যাদা দি যেন কণা হাঁহক পতানহে দিয়া হ’ল৷ বজালী জিলাৰ ক্ষেত্ৰত এনেদৰে সৃষ্টি হোৱা সমস্যা সমাধান কৰিবলৈ চৰকাৰক আকৌ কিমান দিন লাগিব, এতিয়া ৰাইজৰ বাবে এয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ পূৰ্ণাংগ বজালী জিলা গঠন নোহোৱাক লৈ আজিও বজালীৰ ৰাইজৰ ক্ষোভ৷ বিধানসভাই গঠন কৰি দিয়া কেবিনেট উপ-সমিতিৰ নামত মন্ত্ৰী ক্ৰমে জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই বজালী আৰু বৰপেটাত প্ৰমোদ বিহাৰ কৰিবলৈ হে আহিছিল নেকি বুলি প্ৰশ্ন কৰিছে বজালীৰ ৰাইজে৷

নিয়মীয়া বাৰ্তা, পাঠশালা, 14 July, 2025

You might also like