নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেক্টৰৰ ট্রলী পুখুৰীত পৰি ২২জনৰ মৃত্যু : চিকিৎসাধীন ১৫

🔹 উত্তৰ প্রদেশৰ কাচগঞ্জত ভয়াৱহ দুর্ঘটনা

বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : উত্তৰ প্রদেশৰ কাচগঞ্জ জিলাত ট্রেক্টৰৰ ট্রলী পুখুৰীত পৰি সংঘটিত হোৱা ভয়াৱহ দুর্ঘটনাত ৮ শিশুসহ ২২জন লোকৰ প্রাণহানি হৈছে৷ এই ঘটনাত ১৫জনৰো অধিক লোক আহত হৈছে৷ কাচগঞ্জ জিলাৰ পাটিয়ালি আৰক্ষী থানাৰ অধীনৰ পাটিয়ালি–দৰিয়াগঞ্জ পথত ট্রেক্টৰৰ ট্রলী এখন দুর্ঘটনাত পতিত হৈ পুখুৰীত পৰি যায়৷ গংগা নদীত স্নান কৰিবলৈ ট্রেক্টৰৰ ট্রলীখনত অতি কমেও ৪০জন লোক আৰোহী হৈ আছিল৷ ৭–৮ ফুট গভীৰতাৰ পুখুৰীত ট্রেক্টৰসহ ট্রলীখন বাগৰি পৰাত ৮ শিশুসহ অতি কমেও ২২জন লোকৰ মৃত্যু ঘটে৷ প্রায় ১৫জন লোক আহত হৈছে৷ স্থানীয় হাস্পতালত আহত লোকসকলক ভর্তি কৰোৱা হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ৰাজ্যখনৰে ইটাহ জিলাৰ জাইথাৰাৰ পৰা ট্রেক্টৰখন আহি আছিল৷ ভয়াৱহ দুর্ঘটনাটোত শোকাৱহভাৱে প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ২ লাখ টকা আৰু আহতলৈ ৫০ হাজাৰ টকা আর্থিক সাহায্য ঘোষণা কৰিছে ৷

You might also like