নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছত ৰাষ্ট্রপতি কোৱিন্দৰ বাইপাছ ছার্জাৰী সম্পন্ন

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ আজি দিল্লীৰ এইমছত বাইপাছ ছার্জাৰী সফলতাৰে সম্পন্ন কৰা হৈছে৷ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে সদৰী কৰিছে এই তথ্য৷ শনিবাৰে সেনা হাস্পতালৰ পৰা এইমছলৈ স্থানান্তৰ কৰা হৈছিল ৰাষ্ট্রপতি কোৱিন্দক৷ উল্লেখনীয় যে কোৱিন্দ হূদৰোগত আক্রান্ত হোৱা বুলি সেনা হাস্পতালত বিশেষজ্ঞ চিকিৎসকসকলে নিশ্চিত কৰিছিল৷ ইয়াৰ পিছতে ৰাষ্ট্রপতিগৰাকীৰ বাইপাছ ছার্জাৰীৰ প্রয়োজন হ’ব বুলি উল্লেখ কৰিছিল চিকিৎসকসকলে৷

গতিকে তাৎক্ষণিকভাৱে ৰাষ্ট্রপতি কোৱিন্দক এইমছত ভর্তি কৰোৱা হয়৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে মঙলবাৰে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে কয় যে এই সফল অস্ত্রোপচাৰৰ বাবে এইমছৰ চিকিৎসকসকল ধন্যবাদৰ পাত্র৷ ৰাষ্ট্রপতি কোৱিন্দৰ আশু আৰোগ্য কামনা কৰাৰ উপৰি প্রতিৰক্ষামন্ত্রীগৰা এইমছৰ সঞ্চালকক কোৱিন্দৰ স্বাস্থ্যৰ বুজ লৈ থাকিবলৈ অনুৰোধ জনাইছে৷ ৭৫ বছৰীয়া কোৱিন্দ শীঘ্রে সুস্থ হৈ এইমছৰ পৰা উভতিব বুলিও আশা প্রকাশ কৰিছে প্রতিৰক্ষামন্ত্রীগৰাকীয়ে।

You might also like