নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এণ্ড্রিউ কুম’ৰ বিৰুদ্ধে পুনৰ যৌন আতিশয্যৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ আমেৰিকাৰ নিউয়র্ক প্রদেশৰ গৱর্নৰ এন্ড্রিউ কুম’ৰ বিৰুদ্ধে পুনৰ এগৰাকী মহিলাই যৌন আতিশয্য চলোৱাৰ অভিযোগ আনিছে৷ শ্বেৰী হিল নামৰ ৫৫ বছৰীয়া মহিলাগৰাকীয়ে কালি অভিযোগ কৰা অনুসৰি বানাক্রান্ত এক অঞ্চল পৰিদর্শনৰ সময়ত মহিলাগৰাকীক যৌন আতিশয্য চলাইছিল কুম’ৱে৷ শ্বেৰী হিলে জুম নিউজৰে হোৱা এক বার্তালাপত এই কথা উল্লেখ কৰিছে৷

উল্লেখনীয় যে অনুষ্ঠানটোত উপস্থিত আছিল এট’নী গ্ল’ৰিয়া আলৰেট৷ ২০১৭ চনত ৰ’ছেষ্টাৰ অঞ্চলৰ এক বাসগৃহত মহিলাগৰাকীৰ ওপৰত যৌন আতিশয্য সংঘটিত হৈছিল৷ উল্লেখনীয় যে এতিয়ালৈকে চাৰিগৰাকী মহিলাই কুম’ৰ বিৰুদ্ধে যৌন আতিশয্য চলোৱাৰ অভিযোগ আনিছে৷ এই অভিযোগক কেন্দ্র কৰিয়েই গৱর্নৰগৰাকীৰ বিৰুদ্ধে নিউয়র্কবাসীৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ আনকি বিভিন্ন মহলে গৱর্নৰ কুম’ৰ পদত্যাগো দাবী কৰিছে৷ অৱশ্যে ৰাষ্ট্রপতি জ’ বাইডেন এতিয়াও ডেম’ক্রেট গৱর্নৰ কুম’ৰ প্রতি বে’চ নৰম বুলি সংবাদ মাধ্যমত চলিছে সমালোচনা৷

You might also like