নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী–মুম্বাইৰ মাজত পুনৰ বন্ধ হ’ব বিমান, ৰে’লসেৱা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ দেশৰ ৰাজধানী মহানগৰ দিল্লীত ক’ভিড–১৯ৰ সংক্রমণৰ তৃতীয়টো জোৱাৰ আৰম্ভ হোৱাৰ লগে লগে দিল্লী আৰু মুম্বাইৰ মাজত চলা বিমান তথা ৰে’লসেৱা পুনৰ বন্ধ হোৱাৰ আশংকাই দেখা দিছে৷ মহাৰাষ্ট্র চৰকাৰে দিল্লীৰ পৰা মুম্বাইলৈ চলাচল কৰা বিমানসমূহৰ সেৱা বন্ধ কৰাৰ চিন্তা–চর্চা চলাইছে৷

লক্ষণীয়ভাৱে দিল্লীত শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মহাৰাষ্ট্র চৰকাৰৰ এক সূত্রই সদৰী কৰা অনুসৰি দুয়োখন মহানগৰৰ মাজত চলাচল কৰা ৰে’লসেৱাও বন্ধ হোৱাৰ আশংকা আছে৷ তাৎক্ষণিকভাৱে চৰকাৰে এই সন্দর্ভত আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্রকাশ কৰা নাই যদিও ইতিমধ্যে ক’ভিড সংহাৰত আক্রান্ত হোৱা মহাৰাষ্ট্রই পুনৰ মহামাৰীৰ তৃতীয়টো জোৱাৰত সংক্রমিত হোৱাৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছে৷

গতিকে দিল্লীৰ পৰা যাতে ৰাজ্যখনলৈ ক’ভিড–১৯ৰ দ্রুত সংক্রমণ ঘটিব নোৱাৰে সেই দিশটোৰ ওপৰত গুৰুত্ব প্রদান কৰিছে উদ্ধৱ থাকৰে চৰকাৰে৷ স্মর্তব্য যে যোৱা ২৮ অক্টোবৰৰ পৰা দিল্লীত ক’ভিড সংক্রমিত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ প্রতিদিনে গড়ে ৫ হাজাৰ লোক আক্রান্ত হৈছে দিল্লীত৷ আনকি ১১ নৱেম্বৰত ৮ সহস্রাধিক লোক ক’ভিডত আক্রান্ত হৈছিল ৰাষ্ট্রীয় ৰাজধানীত৷

You might also like