নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিবালৰ কটাক্ষৰ পাছতে স্থিতি সলনি ছোনিয়া গান্ধীৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ কংগ্রেছ পার্টীৰ অভ্যন্তৰৰ বিষয়ববীয়াৰ সাল–সলনি ঘটাব লাগে বুলি যোৱা আগষ্ট মাহত দলটোৰ ৩০গৰাকী অসন্তুষ্ট নেতাই সভানেত্রী ছোনিয়া গান্ধীলৈ পত্র প্রেৰণ কৰাৰ পাছত প্রথমবাৰলৈ নেত্রীগৰাকীয়ে অসন্তুষ্ট শিবিৰৰ চাৰিগৰাকী নেতাক দলৰ গুৰুত্বপূর্ণ কমিটীত স্থান দিছে৷

লক্ষণীয়ভাৱে বিহাৰৰ নির্বাচনত দলটোৰ শোচনীয় প্রদর্শনৰ পাছতে কপিল ছিবালে কংগ্রেছৰ তৃণমূল পর্যায়ত কোনোধৰণৰ সাংগঠনিক ভেটি নাই বুলি অভিযোগ কৰিছিল৷ ছিবালক সমর্থন কৰিছিল প্রাক্তন বিত্তমন্ত্রী তথা দলৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে৷ লক্ষণীয়ভাৱে দলৰ অর্থনৈতিক কমিটীত পি চিদাম্বৰমক স্থান দিছে ছোনিয়াই৷

ইয়াৰ উপৰি পূর্বে অসন্তুষ্টি প্রকাশ কৰা আনন্দ শর্মা, শশী থাৰুৰ, গোলাম নবী আজাদ আৰু বিৰাপ্পা মৈলীকো গুৰুত্বপূর্ণ কমিটীত স্থান দিবলৈ বাধ্য হৈছে নেত্রীগৰাকী৷

You might also like