নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তি পালে অভিনেতা অজয় দেৱগণৰ ‘ভোলা’ৰ ট্ৰেইলাৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: অভিনেতা অজয় ​​দেৱগনৰ ছবি ‘ভোলা’ৰ আজি ট্ৰেইলাৰ মুক্তি পালে। অজয় দেৱগনে পৰিচালনা কৰিছে ভোলা ছবিখন। ট্ৰেইলাৰ মুক্তিৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰিছে ‘ভোলা’ই। ভোলাৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি অজয়ে লিখিছে- ‘যুদ্ধবোৰ সাহসেৰে জয়ী হয়; সংখ্যা, শক্তি আৰু অস্ত্ৰৰে নহয়’।

অভিনেত্ৰী টাবুৱে অভিনয় কৰা এই ছবিখনৰ প্ৰযোজক অজয় দেৱগণ ফিল্মছ টি ছিৰিজ ফিল্মছ ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট ড্ৰিম ৱাৰিয়ৰ পিকচাৰ্ছ ৷ আনহাতে ছবিখন পৰিচালনা কৰিছে লোকেশ কানাগৰাজে Bholaa trailer out।

 ‘ভোলা’ মুক্তিৰ পূৰ্বে সোমবাৰে ছবিখনৰ ৰোমান্টিক গীত ‘নাজাৰ লাগ যায়গী’ মুক্তি দিয়া হয় । গীতটিৰ কথা ইৰছাদ কামিলৰ আৰু কণ্ঠদান কৰিছে জাভেদ আলীয়ে।

উল্লেখ্য যে তামিল ভাৰচন কাইথি ৰ অফিচিয়েল হিন্দী সংস্কৰণ ভোলা ছবিখন পৰিচালনা কৰিছে অভিনেতা অজয়ে ।

You might also like