নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দী ভাষাক লৈ অজয় দেবগন আৰু দক্ষিণী তাৰকা সুদীপৰ কাজিয়া, সোমাই পৰিছে সকলো

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ বুধবাৰে অজয় দেবগনৰ এটা টুইটৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশত। বিতৰ্ক আৰম্ভ হৈছে অনুৰাগীৰ মাজত। ৰাজনৈতিক বিতর্কত সোমাই পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতাজন। অজয়ে লিখিছিল- হিন্দী আমাৰ ৰাষ্ট্রভাষা আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। এই মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে কৰ্ণাটকৰ বিৰোধী নেতাসকল। কোৱা হৈছে অজয় দেবগনে বিজেপিৰ মুখপাত্র হিচাপে কথা কৈছে। কর্নাটকৰ প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্রেছ নেতা ছিদ্দাৰামায়াই সমালোচনা কৰি কৈছে, হিন্দী কেতিয়াও ভাৰতৰ ৰাষ্ট্রভাষা নাছিল। জনতা দল (ছেকুলাৰ)ৰ নেতা এইচ ডি কুমাৰস্বামীয়ে পোণে অজয় দেবগনক বিজেপিৰ মুখপাত্র বুলিয়ে উল্লেখ কৰিছে।


ঘটনাৰ সূত্রপাত হৈছে অভিনেতা সুদীপ সঞ্জীবৰ এটা মন্তব্যৰ পৰা। এক অনুষ্ঠানত কানাড়া অভিনেতা সুদীপ সঞ্জীবে কৈছিল, হিন্দী কেতিয়াও আমাৰ ৰাষ্ট্রভাষা নহয়। সম্প্রতি কানাড়া ছবি ‘কেজিএফ ২’-ৰ ভীষণ সাফল্যৰ প্রসংগত এই মন্তব্য কৰে সুদীপে। হিন্দী ভাষাৰ ছবিয়েই যে কেৱল ভাৰতত জনপ্রিয়তা পাব পাৰে সেই দিন শেষ হৈছে এতিয়া। ভাৰতীয় বক্স অফিছত দুৰন্ত গতিত উত্থান হৈছে দক্ষিণৰ ছবিৰ। ভাষাৰ দূৰত্বক ক’ৰবাতে এৰি সেই ছবি উপভোগ কৰিবলৈ দলে দলে হলত ভিৰ লাগিছে মানুহৰ। কিন্তু কানাড়া অভিনেতাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অজয়ে হিন্দীতে টুইটত লিখিছে- যদি হিন্দী আমাৰ ৰাষ্ট্রভাষা নহয়েই তেন্তে তোমালোকে কিয় তোমালোকৰ মাতৃভাষাত নিৰ্মাণ কৰা ছবি হিন্দীত ডাব কৰা? হিন্দী আমাৰ ৰাষ্ট্রভাষা আছিল, আছে আৰু ভৱিষ্যতেও থাকিব।

You might also like