নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙৰ সময়ত আহত অমিতাভ বচ্চন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: হায়দৰাবাদত নতুন ছবি ‘প্ৰজেক্ট-কে’ৰ শ্বুটিংৰ সময়ত আঘাতপ্ৰাপ্ত হয় বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন। বিগ বিয়ে নিজৰ ব্লগৰ জৰিয়তে এই আঘাতৰ বিষয়ে অৱগত কৰে।

নিজৰ স্বাস্থ্যৰ আপডেট অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমত এক ব্লগৰ জৰিয়তে শ্বেয়াৰ কৰিছে ৷ অভিনেতাগৰাকীয়ে নিজৰ ব্লগৰ জৰিয়তে তেওঁৰ স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰি লিখিছে “হায়দৰাবাদত প্ৰজেক্ট কেৰ শ্বুটিং কৰি থকাৰ সময়ত একচন শ্বটত মই আঘাতপ্ৰাপ্ত হৈছো ৷ ৰিব কাৰ্টিলেজ পপ হৈ সোঁফালৰ ৰিব কেজলৈ পেশী ফাটি গৈছে ৷ শ্বুট বাতিল কৰা হৈছে ৷ হায়দৰাবাদৰ এ আই জি হাস্পতালত চিকিৎসা চিটি স্কেন কৰা হৈছে আৰু ষ্ট্ৰেপিং কৰা হৈছে৷ চিকিৎসকে জিৰণি লোৱাৰ পৰামৰ্শ দিছে ৷

ইপিনে অভিনেতাজনৰ এই আঘাতৰ পাছতে কৰিবলগীয়া সকলো কাম স্থগিত ৰখা হৈছে আৰু বাতিল কৰা হৈছে ৷

উল্লেখ্য যে প্ৰভাছ অভিনীত ছবিখনত অমিতাভ বচ্চনৰ সৈতে দীপিকা পাডুকনকো দেখা যাব। অহা বছৰৰ ১২ জানুৱাৰীত মুক্তি পাব উক্ত ছবিখন। নাগ অশ্বিনে ছবিখনৰ পৰিচালনা কৰিছে।

You might also like