নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ বছৰ ধৰি শিকলিত বন্দী! শেষ মুহূৰ্তত মুক্তিৰ সোৱাদ পালে চিৰিয়াখানাৰ এইটো হাতীয়ে…

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ এটা-দুটা দিন নহয় ! ৩০ বছৰ ধৰি বন্দী ! স্বাধীনতা কাক বোলে! সেই কথা নাজানে সি। কিয়নো প্ৰত্যেকটো দিন লোহাৰ শিকলিৰে বন্ধা থাকে কাভান ।

জীৱনৰ তিৰিশটা বছৰ কাভানে এইদৰেই কটাইছে । কাভান হৈছে এটা হাতী। অতদিনে তাৰ ঠিকনা আছিল পাকিস্তানৰ ইছলামাবাদ চিৰিয়াখানা। তাতেই জীৱনৰ বেছি ভাগ সময় সি পৰাধীন হৈয়ে কটাইছে। কিন্তু দেৰিকৈ হ’লেও জীৱনৰ সুখৰ মুখ দেখিলে সি।

শেহতীয়াকৈ ৩০ বছৰৰ অধিক সময় ধৰি শিকলিৰে বন্ধা কাভানৰ শাৰীৰিক আৰু মানসিক সমস্যাই দেখা দিছিল। যাৰ পাছতে ইয়াক লৈ পশুপ্ৰেমীসকলে তীব্ৰ বিৰোধীতা কৰিছিল।

কিছুবছৰ আগে কাভানৰ লগৰীয়াৰো মৃত্যু হয়। তাৰপাছতে তাৰ অৱস্থা আৰু অধিক বেয়া হ’বলৈ ধৰে। আৰু কাভান শাৰীৰিক আৰু মানসিকভাবে ৰুগ্ন হৈ থাকে। ইপিনে তাক মুক্তি কৰাৰ দাবীত আদালতৰ কাষ চাপে পশুপ্রেমীসকল। যাৰ পিটিছনৰ ভিত্তিত মে’ মাহত আদালতে হাতিটোক মুক্তিৰ নির্দেশ দিয়ে।

You might also like