নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ বি আইত অফিচাৰৰ ২০৫৬ চাকৰি

দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বিত্তীয় প্রতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়া(State Bank of India) অর্থাৎ এছ বি আইত খালী হৈছেProbationary Officerৰ ২০৫৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিSBI Central Recruitment & Promotion DepartmentৰGeneral Manager–এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিProbationary Officerৰ ২০৫৬ পদৰ ভিতৰত Regular পদ ২০০০টা আৰ Backlog শিতানত ৫৬টা পদ আছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, মুঠ খালী পদ ২০৫৬ৰ ভিতৰত সাধাৰণ শ্রেণীৰ বাবে ৮১০টা, এছ চিৰ ৩২৪টা, এছ টিৰ ১৬২টা, অ’বিচিৰ ৫৬০টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২০০টা পদ সংৰক্ষিত থাকিব৷ ইয়াৰ উপৰি ১২৬টা পদ বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত থাকিব৷ আবেদনকাৰী স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ বয়স ১ এপ্রিল ২০২১লৈ ২১–৩০ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ নিযুক্তিপ্রাপ্তই মাহে36,000-1,490/7-46,430-1,740/2-49,910-1,990/7-63,840 টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৭৫০ টকা এছ বি আইৰ হকে অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছ চি–এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ অসমৰ ডিব্রুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত পৰীক্ষা অনুষ্ঠিত হ’ব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://ibpsonline.ibps.in/sbiposasep21/&https://www.sbi.co.in/documents/77530/11154687/041021-Final+Advertisement+PO+21-22.pdf/61eb5452-c5e8-e057-e460-1e89486812d8?t=1633349820829 লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ ২০২১৷

You might also like