নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সশস্ত্র বাহিনীৰ ১২ সহস্রাধিক ক’ৰোনাত আক্রান্ত, ২৫জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ দেশৰ সশস্ত্র বাহিনীৰ ১২ সহস্রাধিক জোৱান ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে ভিতৰত ২৫জনেই প্রাণ হেৰুৱাইছে৷ সেনাৰ তথ্যত প্রকাশ পোৱা মতে, যোৱা ১৭ আগষ্টলৈকে ১২,৬৪০জন সশস্ত্র বাহিনীৰ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিপৰীতে ২৫জনে প্রাণ হেৰুৱাইছে৷

সম্প্রতি ৪,৭৪৪জন জোৱান চিকিৎসাধীন হৈ আছে৷ বাকীখিনি সুস্থ হৈ কর্মলৈ উভতিছে৷ তথ্য মতে, কর্মৰত সেনা জোৱানৰ বিপৰীতে অৱসৰপ্রাপ্ত সেনাৰ মৃত্যুৰ হাৰ অধিক৷ ১২ শতাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ১৩১জনে প্রাণ হেৰুৱাইছে৷ সেনাই প্রকাশ কৰা মতে, এতিয়ালৈকে ১.৪০ লক্ষাধিক সেনাৰ ক’ভিড–১৯ পৰীক্ষণ কৰা হৈছে৷

ইয়াৰে ১২ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ নৌ–বাহিনীৰ ১,০৩৭জন জোৱান আক্রান্ত হোৱাৰ বিপৰীতে বায়ুসেনা বাহিনীৰ ১,৪২৮জন লোক আক্রান্ত হৈছে৷ বাকীখিনি স্থল বাহিনীৰ জোৱান৷

উল্লেখ্য যে লাডাখৰ সীমান্তত চীনা সেনাৰ সৈতে হোৱা সংঘাতৰ ফলত সেনা জোৱানৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি সেনাৰ সূত্রত প্রকাশ৷

You might also like