নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিযুক্তিক লৈ কেন্দ্রক সমালোচনা ৰাহুলৰ

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ দেশৰ যুৱ প্রজন্মক নিযুক্তি প্রদানত ব্যর্থ হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লৈছে কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে৷

ক’ভিড–১৯ লকডাউনৰ পৰা লাডাখত ভাৰতীয় জোৱানক চীনা সৈন্যই আক্রমণ কৰাৰ সমান্তৰালকৈ বিভিন্ন বিষয়ত প্রধানমন্ত্রী মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰা কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে আজি পুনৰ ভিডিঅ’ বার্তাযোগে চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লয়৷

ভিডিঅ’ বার্তাটোত ৰাহুল গান্ধীয়ে কয়, ক’ভিড–১৯ৰ বাবে দেশৰ বিস্তৰ ক্ষতি হ’ব বুলি সকীয়নি দিয়াৰ পাছতো সংবাদ মাধ্যমে ব্যংগ হিচাপে লৈছে৷ আজি মই কৈছোঁ যে চৰকাৰে যুৱ প্রজন্মক নিযুক্তি দিবলৈ সক্ষম হোৱা নাই৷ যদি মোৰ মতৰ সৈতে সন্মত নহয়, তেতিয়াহ’লে ৬–৭ মাহ অপেক্ষা কৰক৷

উল্লেখ্য যে কালি টুইটযোগে দেশত বিগত ৪ মাহত ২ কোটি লোকে সংস্থাপন হেৰুওৱা বুলি চৰকাৰক সমালোচনা কৰিছে৷

You might also like