নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটী অভিনেতা নৰেশ কান’ড়িয়াৰ ক’ভিড–১৯ত প্রাণহানি

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ গুজৰাটী চলচ্চিত্র জগতৰ খ্যাতনামা অভিনেতা তথা ৰাজনীতিক নৰেশ কান’ড়িয়াৰ দেহাৱসান ঘটিছে৷ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত আহমেদাবাদৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল কান’ড়িয়া৷

হাস্পতালখনৰ সূত্রই সদৰী কৰা অনুসৰি ৭৭ বছৰীয়া অভিনেতাগৰাকীৰ কালি পুৱা ৯.১৭ বজাত মৃত্যু হৈছে৷ ইউ এন মেহতা ইনষ্টিটিউট অৱ কার্ডি’লজী এণ্ড ৰিচার্ছ চেণ্টাৰৰ আৱাসিক চিকিৎসক কৌশিক বাৰ’টে উল্লেখ কৰা অনুসৰি ২০ অক্টোবৰত হাস্পতালখনত ভর্তি কৰোৱা হৈছিল কান’ড়িয়াক৷

কিন্তু ক’ভিড–১৯ত আক্রান্ত কান’ড়িয়াৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটিবলৈ ধৰে৷ স্মর্তব্য যে মাত্র দুদিন পূর্বে কান’ড়িয়াৰ জ্যেষ্ঠ ভাতৃ তথা গুজৰাটী গায়ক মহেশ কান’ড়িয়াৰ গান্ধী নগৰস্থিত নিজ বাসভৱনত মৃত্যু হৈছিল৷ গুজৰাটী ছবিৰ ছুপাৰষ্টাৰ কান’ড়িয়াই শতাধিক ছবিত অভিনয় কৰি বিপুল জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷

You might also like