নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ দখলৰ সংকল্পৰে আজি প্রচাৰ অভিযানত প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ অহা সপ্তাহৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযান কাইলৈৰ পৰা আৰম্ভ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বিহাৰ দখলৰ বাবে মোদীয়ে আজি ছাছাৰামৰ পৰা বিজেপি তথা জেডি(ইউ)ৰ হৈ প্রচাৰ চলাব৷ প্রথমটো দিনত তিনিখনকৈ চহৰত প্রচাৰ সমাৱেশত অংশ ল’ব মোদী৷ এই তিনিখন চহৰ হৈছে ছাছাৰাম, গঞা আৰু ভাগলপুৰ৷ বিজেপি শীর্ষ নেতৃত্বই নির্ধাৰণ কৰা অনুসৰি প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যখনত এনডিএৰ হৈ মুঠ ১২খন সভাত অংশগ্রহণ কৰিব৷

আগন্তুক ২৮ অক্টোবৰত প্রধানমন্ত্রীগৰাকীয়ে ডৰভাঙ্গা, মুজাফফৰপুৰ আৰু পাটনাত প্রচাৰ সমাৱেশত অংশ ল’ব৷ ৩ নৱেম্বৰত মোদীয়ে অংশ ল’ব চাপ্রা, পূব ছাম্পাৰন আৰু সমষ্টিপুৰত৷ লক্ষণীয়ভাৱে পশ্চিম ছাম্পাৰন, ছাহাৰছা আৰু আৰাৰিয়াতো প্রধানমন্ত্রীগৰাকীয়্ প্রচাৰ সমাৱেশত অংশগ্রহণ কৰিব৷ বিহাৰ বিধানসভা নির্বাচনৰ বিজেপি প্রভাৰী তথা মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফার্নাৱিজে ইতিমধ্যে প্রধানমন্ত্রী মোদীৰ ভাষণৰ সবিশেষ বিহাৰৰ প্রত্যন্ত গাঁৱলৈ ডিজিটেল ব্যৱস্থাৰে প্রেৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ এলইডিৰ জৰিয়তে একোটা সমষ্টিৰ ৫খনকৈ গাঁৱত বিজেপিয়ে অনুষ্ঠিত কৰিব প্রচাৰ সভা৷

You might also like