নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯,১৭১টা কনিষ্টবল পদৰ পিএছটি পিইটিৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ অসম আৰক্ষীৰ বিভিন্ন শাখাৰ কনিষ্টবল নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা ফিজিকেল ষ্টেণ্ডার্ড টেষ্ট (পিএছটি) আৰু ফিজিকেল এফিচিয়েন্সী টেষ্ট (পিইটি)ৰ ফলাফল ঘোষণা কৰা হৈছে৷ মুঠ ৯,১৭৪টা কনিষ্টবল পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাসমূহৰ ফলাফল আৰু কাট অফ মার্ক ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ ৱেবছাইটত আপলোড কৰা হৈছে৷ আনহাতে, ২০ ফেব্রুৱাৰীৰ পৰা কেইবাটাও পর্যায়ত অনুষ্ঠিত হ’বলগীয়া সংযুক্ত লিখিত পৰীক্ষাৰ বাবে আজিৰে পৰা প্রার্থীসকলে এডমিট কার্ড ডাউনলোড কৰিব পাৰিব৷

উল্লেখ্য যে উপ–পৰিদর্শক, অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কনিষ্টবলকে ধৰি বিভিন্ন কনিষ্টবল পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ ইউ বি আৰু এ বি শাখাৰ পদসমূহৰ নিযুক্তিৰ বাবে ৰাজ্যৰ ভিন্ন প্রান্তত পিএছটি আৰু পিইটি অনুষ্ঠিত হৈছিল৷ এই দুয়োটা পৰীক্ষাত যোগ্যতা অর্জন কৰা প্রার্থীসকলে লিখিত পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷ অহা ২০ ফেব্রুৱাৰী, ২৭ ফেব্রুৱাৰী আৰু ২৪ এপ্রিলত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা৷ ছেবাই অনুষ্ঠিত কৰিব এই লিখিত পৰীক্ষা৷ ৰাজ্যৰ ১০ স্থানত অনুষ্ঠিত হ’ব সংযুক্ত লিখিত পৰীক্ষা৷

You might also like