নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

covid কলাৰ টিউন বন্ধ কৰিব পাৰিনে? ভুৱা প্ৰচাৰে সৃষ্টি কৰিছে মায়াজাল

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ  লকডাউনৰ সময়ৰে পৰা কাৰোবালৈ ফোন কৰোতে এটা কলাৰ টিউন বাজে। যেতিয়াৰে পৰা ভাৰতত কৰোনাৰ প্ৰকোপ বৃদ্ধি পালে তেতিয়াৰে পৰা কোৰোণা ভাইৰাছৰ সৈতে গোটেই দেশ যুঁজি আছে অথবা Covid-19 আনলক প্ৰক্ৰিয়া এতিয়া গোটেই দেশতে আৰম্ভ হৈ গৈছে, এনে ক্ষেত্ৰত নিজৰ ঘৰৰ পৰা নিত্যান্ত প্ৰয়োজনতহে বাহিৰলৈ ওলাওক।

এই টিউন শুনি বহু লোক অতিষ্ঠ হৈ গৈছে। বহুলোকে ছচিয়েল মিডিয়াত ইয়াৰ বিৰোধে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। কিন্তু ছচিয়েল মিডিয়াত  এই কলাৰ টিউন  বন্ধ কৰাৰ উপায় সন্দৰ্ভত বিভিন্ন বাতৰি প্ৰকাশ কৰিছে। উদাহৰণ স্বৰূপেঃ  জিঅ’ নম্বৰৰ পৰা মেছেজত টাইপ কৰক STOP আৰু প্ৰেৰণ কৰক 155223 নম্বৰলৈ।

বিএছএনএলৰ গ্ৰাহকে মেছেজত UNSUB টাইপ কৰি প্ৰেৰণ কৰক 56700 বা 56799 নম্বৰলৈ। ইয়াৰ পিছতে আপুনি লাভ কৰিব কলাৰ টিউন সেৱা বন্ধৰ কনফাৰমেচন।

ভিআইৰ গ্ৰাহকসকলে ম’বাইলৰ মেছেজত CANCT লিখি প্ৰেৰণ কৰক 144 নম্বৰলৈ।

এয়াৰটেলৰ গ্ৰাহকসকলে *646*224# ডায়েল কৰক আৰু তাৰ পিছত 1 টিপক। আপুনি কলাৰ টিউন সেৱা বন্ধ হোৱাৰ কনফাৰমেচন মেছেজ পাব।

কিন্তু এয়া উৰা বাতৰিৰ বাহিৰে আন একো নহয়। চৰকাৰে ক’ৰোনাৰ সজাগতাৰ বাবে ম’বাইল নেটৱৰ্ক কোম্পানীৰে এই সজাগতাৰ সৃষ্টিৰ বাবে চুক্তি বদ্ধ হৈছিল। বৰ্তমান বলিউডৰ অভিনেতা অমিতাভ বচ্চনৰ ভইচ ৰেকৰ্ড কৰি সজাগতা অনাৰ ব্যৱস্থা কৰিছে। এয়া এক চৰকাৰী নিৰ্দেশনা, গতিকে ব্যক্তিগত সুবিধা অসুবিধাৰ ভিত্তিত ইয়াক বন্ধ কৰিব পৰা নাযায়।

You might also like