নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ গোলাবৰ্ষণত বিষাক্ত এমোনিয়া নিৰ্গত হৈছে, ৰাসায়নিক আক্ৰমণৰ

বিশেষ বাৰ্তা, ২২ মাৰ্চঃ এখনৰ পাছত আনখন আলোচনাৰ পাছতো ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধ শেষ হোৱাৰ নাম লোৱা নাই। ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দখলৰ বাবে আগুৱাই আছে ৰুছ সেনা। এনে সময়তে আহিছে আন এক খবৰ। ইউক্ৰেইনী পক্ষৰ পৰা জনোৱা অনুসৰি ছুমী চহৰৰ এটা ৰাসায়নিক উদ্যোগত ৰাছিয়াৰ গোলাবৰ্ষণৰ ফলত বিষাক্ত এমোনিয়া নিৰ্গত হৈ আছে। ৫০ টনৰ এমোনিয়াভৰ্তি টেংকখনৰ পৰা নিৰ্গত হৈ থকা ৰাসায়নে ৫ কিলোমিটাৰতকৈও অধিক ব্যসাৰ্ধ পৰ্যন্ত অঞ্চল দূষিত কৰিব। আনহাতে, ৰাছিয়াৰ ফালৰ পৰা কোৱা হৈছে যে এয়া ইউক্ৰেইনৰ পৰিকল্পিত উচতনি। ৰাছিয়াই ৰাসায়নিক আক্ৰমণ সংঘটিত কৰা বুলি মিছা অভিযোগ দিয়াৰ চেষ্টা চলাইছে ইউক্ৰেইনীপক্ষই।

You might also like