ডিজিটেল ডেস্ক, ১৩ ফেব্রুৱাৰী : ভাৰতে লোৱা সিদ্ধান্তত টোপনি হৰিছে চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানৰ৷ ফ্রান্সৰ পৰা ১১৪খন নতুন ৰাফেল যুদ্ধ বিমান ক্রয় কৰাৰ ক্ষেত্রত অনুমতি প্রদান কৰিলে ৰাজনাথ সিঙৰ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে৷
চলিত মাহতেই ভাৰত ভ্রমণলৈ অহাৰ কথা ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নৰ৷ তাৰ পূর্বে ৰাফেল যুদ্ধ বিমান কিনাৰ সিদ্ধান্তত সেউজ সংকেত প্রদান কৰে প্রতিৰক্ষা মন্ত্রালয়ৰ প্রতিৰক্ষা সামগ্রী ক্রয় বিষয়ক কমিটীয়ে (ডিএচি)৷ ৰাফেলৰ লগতে ৬খন সমুদ্রত নতুন টহলদাৰী বিমান পি–৮ আই–এ কিনাৰো প্রস্তাৱত অনুমোদন দিছে কেন্দ্রই৷
প্রশাসনিক সূত্রৰ পৰা জানিব পৰা মতে, প্রায় ৩ লাখ ২৫ হাজাৰ কোটি টকাৰ এই চুক্তি বাস্তৱায়িত হ’লে সেয়া হ’ব স্বাধীন ভাৰতৰ ইতিহাসত সর্ববৃহৎ প্রতিৰক্ষা চুক্তি৷ ইতিমধ্যে প্রস্তাৱিত প্রকল্পৰ মূল্যায়ন কৰিছে প্রতিৰক্ষা সচিব নেতৃত্বাধীন ‘সামৰিক সৰঞ্জাম ক্রয় পৰিষদ’ চমুকৈ ডিআৰবিয়ে৷ এইবাৰ ৰাফেল যুদ্ধ বিমান কিনাৰ প্রস্তাৱত চূড়ান্ত অনুমোদন দিলে ডিএচিয়ে৷ প্রথম পর্যায়ত ভাৰততে নির্মিত ৰাফেল বিমানসমূহত ৩০ শতাংশ দেশীয় যন্ত্রাংশ আৰু সৰঞ্জাম থাকিব৷ পর্যায়ক্রমে তাক বঢ়াই ৬০ শতাংশ কৰাৰ কথা কোৱা হৈছে মূল্যায়ন কমিটীৰ প্রতিবেদনত৷ তদুপৰি ১১৪খন বিমানৰ মাজত ১৮খন পোনে পোনে আহিব ফ্রান্সৰ পৰা৷