নামিবিয়াক হৰুৱাই বিশ্বকাপত ক্রমাগত দ্বিতীয় জয়লাভ টীম ইণ্ডিয়াৰ
নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াৰ চলিত টি–২০ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত আছে৷ কালি ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ মেচখনত ঘৰুৱা দল টীম ইণ্ডিয়াই নামিবিয়াক ৯৩ ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি ভাৰতীয় দলটোৱে দুখনৰ মেচৰ পৰা ৪ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷ মেচখনত ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ২১০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ঘৰুৱা দলটোৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত নামিবিয়াই ১৮.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৬ ৰানহে কৰে৷
অ’পেনাৰ ল’ৰেন ষ্টিনকেম্পে সর্বাধিক ২৯ ৰানৰ অৱদান আগবঢ়ায়৷ আনগৰাকী অ’পেনাৰ জান ফ্রাইলিংকে ২২ ৰান কৰি বিদায় লয়৷ ষ্টিনকেম্প আৰু ফ্রাইলিংকে নামিবিয়াক আক্রমণাত্মক আৰম্ভণি দিয়ে যদিও বাকীসকল বেটাৰে যোগ্য সহযোগিতা আগবঢ়োৱাত ব্যর্থ হয়৷ ষ্টিনকেম্প আৰু ফ্রাইলিংকে মাত্র ২২টা বলত ৩৩ ৰান সংগ্রহ কৰিছিল৷ মন কৰিবলগীয়া যে দলটোৰ মাত্র ৫গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷
ভাৰতীয় দলটোৰ হৈ বৰুণ চক্রৱর্তীয়ে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে উভয়ে দুটাকৈ তথা অর্শদীপ সিং, শিৱম ডুবে আৰু যশপ্রীত বুমৰাহে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ ঈশান কিশন আৰু তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি ঈশান কিশন আৰু সঞ্জু ছেমছনে দলক বিস্ফোৰক আৰম্ভণি দিয়ে যদিও দলীয় স্ক’ৰ ২৫ ৰানত ছেমছনৰ ৰূপত প্রথমটো উইকেট হেৰুৱায় ভাৰতে৷ ছেমছনে ৮টা বলত এটা চাৰি আৰু তিনিটা ছয়েৰে ২২ ৰান কৰি বিদায় লয়৷ সঞ্জু আউট হোৱাৰ পিছত ঈশানে তিলক বার্মাৰ সৈতে দ্বিতীয় উইকেটত ৭৯ ৰান সংগ্রহ কৰে৷ ঈশানে ২৪টা বলত ৬টা ৪ আৰু ৫টা ছয়েৰে ৬১ ৰান কৰি বিদায় লয়৷
ইফালে, অধিনায়ক সূর্যকুমাৰ যাদৱে ১২ আৰু তিলক বার্মাই ২৫ ৰান কৰি বিদায় লোৱাত ঘৰুৱা দলটো কিছু বিপর্যয়ত পৰিছিল৷ সেই সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ৪ উইকেটত ১২৪ ৰান৷ অৱশ্যে হার্দিক পাণ্ডিয়াই মাৰমুখী বেটিঙেৰে দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ২৮টা বলত ৪টা ৪ আৰু সমসংখ্যক ছয়েৰে ৫২ ৰান কৰি বিদায় লোৱাৰ পূর্বে হার্দিকে শিৱম ডুবেৰ সৈতে পঞ্চম উইকেটত ৮১ ৰান সংগ্রহ কৰে৷ ডুবেই ২৩ ৰানৰ অৰিহণা আগবঢ়ায়৷
মন কৰিবলগীয়া যে ভাৰতে মাত্র ৪ ৰানৰ ব্যৱধানত অন্তিম পাঁচটা উইকেট হেৰুৱায়৷ নামিবিয়াৰ হৈ সফল বলাৰৰূপে পৰিচিত হয় গেৰহার্ড ইৰাছমাছ৷ ইৰাছমাছে সর্বাধিক ৪টা উইকেট লাভ কৰিবলৈ সক্ষম হয়৷