নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিখুঁত সমন্বয়ত কৰা শাৰীৰিক অনুশীলন, চীনক ৰোধ কৰা অসম্ভৱ…

বিশেষ বাৰ্তা, ৮ জুনঃ শাৰীৰিক শিক্ষাৰ শ্ৰেণীৰ সময়ত ক’ণ ক’ণ চীনা শিশু এজাকে নিখুঁত সমন্বয়ত কৰা অনুশীলনৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নৰৱেৰ প্ৰাক্তন কূটনীতিবিদ এৰিক ছলহাইমে টুইটাৰত শ্বেয়াৰ কৰা এই ক্লিপটোত দেখা গৈছে চীনৰ ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰীৰ এটা দলে নিজৰ এথলেটিক ক্ষমতা প্ৰদৰ্শন কৰিছে।


পাঁচ-ছবছৰীয়া যেন লগা ল’ৰা-ছোৱালীকেইটাই বাহিৰত বহি একেলগে নিখুঁতভাবে হাতত বাস্কেটবল বাউন্স কৰি থকাৰ ভিডিঅ’টো শ্বেয়াৰ কৰি ছলহাইমে লিখিছে, “বাঃ! কিণ্ডাৰগাৰ্টেনৰ শাৰীৰিক শিক্ষাৰ শ্ৰেণী। ” ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছৰে পৰা ইণ্টাৰনেটত বিয়পি পৰিছে। ভিডিঅ’টো উপভোগ কৰি টুইটাৰ ব্যৱহাৰকাৰীসকল আপ্লুত হৈ পৰিছে। বিবিন্নজনে বহু ধৰণৰ মন্তব্য় কৰিচে। “বিশ্বই সঁচাকৈয়ে চীনক ৰোধ কৰিব নোৱাৰিব।’- এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ধেমালিতে লিখিছে এইদৰে। কোনোৱে কৈছে- সেইবাবেই তেওঁলোক ইমান আত্ম-অনুশাসন মানি চলা আৰু স্মাৰ্ট। আন এজনে কৈছে- অলিম্পিকৰ পদক তালিকাত চীন শীৰ্ষত থকাৰ কাৰণ।

You might also like