নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ শাম কাটিছে, দৰ্শকেৰে উপচি পৰিছে ইউক্রেইনৰ চিনেমা-থিয়েটাৰ! ছন্দ উভতিছে কিয়েভৰ

বিশেষ বাৰ্তা, ৮ জুনঃ মাহৰ পাছত মাহ ধৰি চলা যুদ্ধত তচনচ হৈ গৈছিল ইউৰোপৰ সবাতোকৈ বৃহ দেশ ইউক্রেইন। ৰাছিয়াৰ আক্রমণত চাৰখাৰ হৈছিল তেওঁলোকৰ বাট-পথ, ঘৰ-বাৰী সকলো। ধ্বংসাত্মক সেই যুদ্ধৰ জোৰ কিছু কমিছে ইউক্রেইনত। ৰাজধানী কিয়েভ পুনৰ ছন্দত উভতিছে। দীৰ্ঘ দিনৰ পাছত খুলিছে থিয়েটাৰ হল, ছবিগৃহ। আৰম্ভ হৈ গৈছে নাটক।

ইউক্রেইনৰ এটা ঐতিহাসিক থিয়েটাৰ হল ‘থিয়েটাৰ অন পোডিল’। শেহতীয়াকৈ হলটো আকৌ খোলা হৈছে। ৰাজধানী কিয়েভৰ আশ-পাশৰ পৰা ইউক্রেইনী সেনাই প্ৰাণে-পণে যুঁজ দিছে ৰুছবাহিনীৰ বিৰুদ্ধে। সেয়ে কিয়েভত এতিয়া যুদ্ধ পৰিস্থিতিৰ মাজতো কিছু স্বস্তি পাইছে। থিয়েটাৰ হল মুকলি হোৱাৰ পাছত সেই স্বস্তিৰ ছবিখন আকৌ একবাৰ সম্মুখলৈ আহিছে। হল ভৰি পৰিছে দর্শকেৰে।

ইউক্রেইনৰ কলা-কুশলীসকলে ভাবিছিল যুদ্ধ পৰিস্থিতিত থিয়েটাৰ উপভোগ কৰিবলৈ তেনেকৈ লোক নাহিব। সকলোৱে ঘৰৰ ভিতৰত থাকিয়েই স্বচ্ছন্দ বোধ কৰিব। কিন্তু হলত দৰ্শক উপচি পৰা দেখি উচ্ছ্বাসিত ইউক্রেইনীয় অভিনেতা-অভিনেত্রীসকল। ইউক্রেইনৰ প্রান্তত যুদ্ধৰ জোৰ এতিয়া কিছু কমিছে। সেনা ওভোতাই নিছে ৰাছিয়াই। মে মাহত অপেৰা, চিনেমা হল খোলাৰ পাছত এইবাৰ খুলিলে থিয়েটাৰ।

You might also like