নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাঃ ভাৰতত এদিনত ১ লাখৰো অধিক সংক্ৰমণেৰে অভিলেখ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ দেশত আৰম্ভ হোৱা দ্বিতীয় পৰ্য়ায়ৰ ক’ৰোনা সংক্ৰমণে বিগত ২৪ ঘণ্টাত সৃষ্টি কৰিলে অভিলেখ। বিগত ২৪ ঘণ্টাত দেশত ১,০৩,৫৫৮গৰাকী লোক ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে।

এয়া এদিনৰ হিচাপত অভিলেখ ৰূপে গণ্য কৰা হৈছে। পূৰ্বতে ২০২০ৰ ১৬ ছেপ্টেম্বৰত এদিনত সৰ্বাধিক ৯৭,৮৯৪গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছিল দেশত। বিগত ২৪ ঘণ্টাত ভাৰতত ৪৭৮গৰাকী লোকে প্ৰাণ হেৰুৱায়।

এতিয়ালৈ ভাৰতত ক’ৰোনাত প্ৰাণ হেৰুৱালে মুঠ ১,৬৫,১০১ গৰাকী লোকে। বৰ্তমান ক’ৰোনা সংক্ৰমণৰ সক্ৰিয় সংখ্যা ৭,৪১,৮৩০ আৰু সুস্থ হৈছে ১,১৬,৮২,১৩৬গৰাকী।

উল্লেখ্য, ক’ৰোনা ভেকচিন এতিয়ালৈ ৭,৯১,০৫,১৬৩ গৰাকীক প্ৰদান কৰা হৈছে।

আনহাতে অসমত আন ৰাজ্যৰ তুলনাত ক’ৰোনাৰ সংক্ৰমণ সৌভাগ্যবশতঃ নিচেই কম। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক’ৰোনাত সংক্ৰমিত হৈছে ৬৮গৰাকী।

You might also like