প্ৰতিদিনে বাঢ়িছে ক’ভিড আক্ৰান্ত
ক’ভিডৰ তৃতীয় ঢৌ শাম কটাৰ বিপৰীতে অধিক ভয়াৱহহে হৈছে। শুকুৰবাৰে নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ১,১৭,১০০জন। যি সংখ্যা বৃহস্পতিবাৰে আছিল ৯০,৯২৮। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩০২জনৰ। এই সংখ্যাৰে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে মুঠ ৪,৮৩,১৭৮ জন। অৱশ্যে আৰোগ্য হোৱাৰ হাৰ ৯৭.৫৭ শতাংশ আৰু এতিয়ালৈ আৰোগ্য লাভ কৰিছে ৩,৪৩,৭১,৮৪৫ জনে। আনহাতে, অমিক্ৰন আক্ৰান্তৰ সংখ্য়া ৩,০০৭ লৈ বৃদ্ধি পাইছে। সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰটকলৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্যই যথেষ্ট সতৰ্ক হৈছে । ঠায়ে ঠায়ে নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।