নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্রকল্পস্থলী পৰিদর্শন মুখ্যমন্ত্রীৰ

চৰাইদেউ জিলাক নতুনকৈ সজাই–পৰাই তোলা হ’ব

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে চৰাইদেউত নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালখনৰ নির্মাণস্থলী পৰিদর্শন কৰাৰ লগতে এই সন্দর্ভত এক পর্যালোচনা বৈঠকত মিলিত হয়৷ চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়া, জিলা প্রশাসন তথা লোকনির্মাণ আৰু স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াবর্গ উপস্থিত থকা এই পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই চিকিৎসা মহাবিদ্যালয়খনৰ নির্মাণকার্যৰ অগ্রগতিৰ খতিয়ান লয়৷ এশ বিঘা ভূমি সামৰি ৪৬৭.৬৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণকার্য চলি থকা এই চিকিৎসা মহাবিদ্যালয়খনৰ কাম ৩৬ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হৈছে৷ সম্প্রতি এই প্রকল্পটোৰ প্রায় ১৩ শতাংশ নির্মাণকার্য সম্পূর্ণ হৈছে৷মুখ্যমন্ত্রী ড০ শর্মাই নির্মাণৰ কাম ত্বৰান্বিত কৰি নির্ধাৰিত সময়ৰ পূর্বেই প্রকল্পটোৰ কাম সম্পূর্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে, যাতে জনসাধাৰণে যথাসম্ভৱ শীঘ্রে চিকিৎসালয়খনৰ পৰা উন্নত চিকিৎসা লাভ কৰিব পাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ ৰাজ্যখন অতি ভূমিকম্পপ্রৱণ অঞ্চলত অৱস্থিত৷ ইয়াৰ পৰিপ্রেক্ষিতত তেওঁ এই হাস্পতালখনৰ নির্মাণকার্যত অত্যাধুনিক ভূমিকম্প প্রতিৰোধী প্রযুক্তি ব্যৱহাৰৰ বাবেও নির্দেশ দিয়ে৷

এই পর্যালোচনা বৈঠকখনতে মুখ্যমন্ত্রী ড০ শর্মাই নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয়খনৰ আর্হিৰ সবিশেষ খতিয়ান লৈ ৰোগী তথা ৰোগীৰ অভিভাৱকসকলৰ সুবিধার্থে বহিঃসেৱা বিভাগ (অ’ পি ডি) কক্ষ আহল–বহলকৈ নির্মাণ, চিকিৎসা মহাবিদ্যালয়খনত ভৱিষ্যতে শৈক্ষিক সম্প্রসাৰণ ঘটাই দন্ত মহাবিদ্যালয়, নার্ছিং মহাবিদ্যালয় আদি যাতে স্থাপন কৰিব পৰা যায়, সেই দিশতো পৰিকল্পনা যুগুত কৰিবলৈ নির্দেশ দিয়ে৷ চিকিৎসালয় মহাবিদ্যালয়খনত উপলব্ধ হ’ব লগা পেয়িং কেবিন, চিকিৎসক তথা বিষয়া–কর্মচাৰীসক আৱাস, ছাত্রাৱাস আদিৰ নির্মাণৰ পৰিকল্পনাৰো বুজ লয়৷ আনহাতে, পর্যালোচনা বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে চৰাইদেউ জিলাক পৰিকল্পিতভাৱে নতুনকৈ সজাই–পৰাই তোলাৰ দিশত পদক্ষেপ গ্রহণ কৰিছে৷ইতিমধ্যে জিলাখনত উপায়ুক্তৰ কার্যালয়, খেলুৱৈৰ সুবিধার্থে ষ্টেডিয়াম নির্মাণ আদিকে ধৰি বিভিন্ন প্রকল্প ৰূপায়ণৰ কাম লৈ থকা হৈছে বুলিও তেওঁ কয়৷ এই বৈঠকত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধর্মেশ্বৰ কোঁৱৰো উপস্থিত থাকে৷

ইফালে, মুখ্যমন্ত্রী ড০ শর্মাই বৃহস্পতিবাৰে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈৰ চৰাইদেউ জিলাৰ বিমলাপুৰ নগাহাটস্থিত বাসগৃহত উপস্থিত হয়৷ উল্লেখ্য যে যোৱা বছৰৰ ১৮ নৱেম্বৰত সাংসদ গগৈৰ মাতৃ সৰুমাই গগৈৰ বিয়োগ হৈছিল৷ আজি সাংসদ গগৈৰ বাসগৃহত উপস্থিত হৈয়েই মুখ্যমন্ত্রী ড০ শর্মাই সাংসদ গগৈৰ পৰলোকগামী মাতৃৰ প্রতিচ্ছবিৰ সন্মুখত এগছি বন্তি জ্বলাই আত্মাৰ সদগতি কামনা কৰে৷ ইয়াৰ পিছতেই তেওঁ সাংসদ গগৈৰ পিতৃক সেৱা কৰি আশীর্বাদ গ্রহণ কৰে৷ সাংসদ গগৈৰ পিতৃয়েও মুখ্যমন্ত্রী ড০ শর্মাক এখন ফুলাম গামোচাৰে আদৰণি জনায়৷ সাংসদ গগৈৰ পৰিয়ালৰ সৈতে কিছুসময় অতিবাহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই দলীয় কর্মী–ৰাইজৰ সৈতে মত বিনিময় কৰে৷ জিলাখনৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানত্ মুখ্যমন্ত্রী ড০ শর্মাক আদৰণি জনোৱাৰ লগতে অভাৱ–অভিযোগ সন্দর্ভত স্মাৰক–পত্র প্রদান কৰে৷

You might also like