নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ত দেশত ৩০০ শতাংশ বৃদ্ধি চাইবাৰ আক্রমণ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ  ২০২০ চনত ভাৰতত চাইবাৰ আক্রমণৰ ঘটনা প্রায় ৩০০ শতাংশ বৃদ্ধি পাইছে৷ ক’ভিড–১৯ মহামাৰীৰ মাজতে অভাৱনীয়ভাৱে দেশত চাইবাৰ আক্রমণৰ ঘটনা বৃদ্ধি পালে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা সংসদত দাখিল কৰা হৈছে এই তথ্য৷ কম্পিউটাৰ ইমাৰজেঞ্চী ৰেছপনছ টীমৰ পৰা লাভ কৰা ডাটা বিশ্লেষণ কৰি গৃহ মন্ত্রালয়ে এই তথ্য সদৰী কৰিছে৷ স্মর্তব্য যে ২০১৯ চনত দেশত চাইবাৰ আক্রমণৰ ঘটনাৰ সংখ্যা আছিল ৩,৯৪,৪৯৯টা৷ ২০২০ত চাইবাৰ আক্রমণৰ ঘটনা ১,১৫৮,২০৮লৈ বৃদ্ধি পায়৷

অৱশ্যে এই আক্রমণৰ ঘটনা সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা নাই মন্ত্রালয়ে বা চাইবাৰ আক্রমণকাৰীৰ পৰিচয়ো সদৰী কৰা নাই৷ কিন্তু চাইবাৰ বিশেষজ্ঞসকলে উল্লেখ কৰা অনুসৰি লকডাউনৰ সময়ত অনলাইন কাম–কাজ বৃদ্ধি পোৱাৰ বাবেই আক্রমণৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল৷ অর্থাৎ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ সময়ছোৱাত দেশত চাইবাৰ আক্রমণৰ ঘটনা বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ চাইবাৰ নিৰাপত্তাৰ ক্ষেত্রত সজাগতাৰ অভাৱৰ বাবেই এই আক্রমণৰ ঘটনা বৃদ্ধি পোৱা বুলিও দাবী কৰিছে বিশেষজ্ঞসকলে৷

গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী জি কিষাণ ৰেড্ডীয়ে সংসদত উল্লেখ কৰা অনুসৰি লকডাউনৰ সময়ত বহু প্রতিষ্ঠানৰ কাম–কাজত সমস্যা সৃষ্টি হৈছিল চাইবাৰ আক্রমণৰ বাবে৷ লক্ষণীয়ভাৱে চাইবাৰ নিৰাপত্তা সন্দর্ভত চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিছে সেই সন্দর্ভত অৱশ্যে মন্ত্রীগৰাকীয়ে কোনোধৰণৰ তথ্য সদৰী নকৰিলে৷

You might also like