নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত দুর্বৃত্তৰ আক্রমণ, নিহত ৩

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ নাগালেণ্ডৰ পেৰেন জিলাৰ লামহাইন্দি গাঁৱত কালি বিয়লি দুর্বৃত্তই তিনিজন লোকক গুলীয়াই হত্যা কৰা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷

উল্লেখনীয় যে সশস্ত্র দুর্বৃত্তই আক্রমণ কৰা সময়ত তিনিওজন লোকে নিজ ভূমিত কৃষিকার্যত নিয়োজিত হৈ আছিল৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি ভূমি বিবাদক কেন্দ্র কৰিয়েই এই ঘটনা সংঘটিত হৈছে৷ ঘটনাৰ পিছত গাঁওবাসীয়ে এখন বাহনৰ সৈতে মৃতদেহ তিনিটা উদ্ধাৰ কৰে৷ নিহত লোককেইজন বেনৰেউ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷

লক্ষণীয়ভাৱে আৰক্ষীয়ে এই ঘটনা সন্দর্ভত সবিশেষ তথ্য এতিয়াও সদৰী কৰা নাই৷

You might also like