নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাই-ভনী-আত্মীয়ৰ বাবে মাহে ১০ লাখকৈ পঠিয়ায় ডাউদে

বিশেষ বাৰ্তা, ২৫ মেঃ অন্ধকাৰ জগতৰ কুখ্যাত অপৰাধী ডাউদ ইব্রাহিমৰ বিৰুদ্ধে আর্থিক প্রৱঞ্চনাৰ তদন্ত কৰিবলৈ গৈ এনফোৰ্ছমেন্ট ডায়েৰেক্টৰেট (ইডি)-ৰ হাতত পৰিছে বিস্ফোৰক তথ্য। এই গোচৰৰ অন্যতম সাক্ষী ডাউদৰ ভাতৃ ইকবাল কাছকাৰ বন্ধুৰ ভাই খালিদ উছমান শেখক জেৰা কৰি ইডি-ৰ বিষয়াসকলে জানিব পাৰিছে যে ডাউদে প্রতি মাহে তেওঁৰ ভাই-ভনী তথা আত্মীয় প্ৰতিজনৰ বাবে ১০ লাখ টকাকৈ পঠিয়ায়। ইডি-ৰ আগত খালিদে আৰু জনায় যে, তেওঁৰ ককায়েক আব্দুল ছামাদ ইকবাল কাছকাৰ শৈশৱৰ বন্ধু। ১৯৯০-চনৰ ৭ ডিচেম্বৰত ডাউদ আৰু অৰুণ গাওলি গোষ্ঠীৰ সংঘর্ষত নিহত হৈছিল ছামাদ। খালিদৰ আৰু দাবী যে, তেওঁৰ ককায়েকৰ মৃত্যুৰ খবৰ শুনি ডাউদ সেই সময়ত আহিছিল। তেতিয়াৰ পৰাই ডাউদৰ ভায়েক কাছকৰ সৈতে তেওঁলোকৰ পৰিচয়। খালিদৰ এই দাবীৰ সত্যসত্যতা বিচাৰ কৰি আছে ইডি-ৰ তদন্তকাৰাসকল।

You might also like