নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই কাননগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত ১

নিয়মীয়া বাৰ্তা, ২৫ মে’: ধেমাজি জিলাৰ জোনাইত আজি ভয়ংকৰ পথ দুৰ্ঘটনা। আজি প্ৰায় ১১.৩০ বজাত জোনাই আৰক্ষী থানাৰ সমীপৰ কাননগুৰিত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। ঘটনাৰ বিৱৰণী মতে আজি পুৱা প্ৰায় ১১.৩০ বজাত কাননগুৰি গাঁৱৰ সঞ্জীৱ মিলিয়ে জোনাই বজাৰলৈ বজাৰ কৰিবলৈ পথটো পাৰ কৰিবলৈ লওতে তীব্ৰবেগত অহা AS06R 1328 নম্বৰৰ এখন বাইকে’ পছন্দ জোৰেৰে খুন্দা মাৰে। লগে লগে খোজ কাঢ়ি অহা সঞ্জয় মিলিৰ থিতাতে মৃত্যু মুখত পৰে।

ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খন জব্দ কৰে ৷

You might also like