নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্টমবাৰলৈ দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱাললৈ ইডিৰ চমন

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : আবকাৰী কেলেংকাৰিৰ গোচৰত এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)ৰ তলব ৭বাৰ অগ্রাহ্য কৰাৰ পিছত কেন্দ্রীয় সংস্থাটোৱে পুনৰ দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক তলব কৰিছে৷ আজি অষ্টমবাৰলৈ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱাললৈ চমন জাৰি কৰে ইডিয়ে৷ আগন্তুক ৪ মার্চত ইডিৰ কার্যালয়ত জেৰাৰ বাবে হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছে কেজৰিৱালক৷ উল্লেখনীয় যে সমগ্র বিষয়টো আদালতত বিচাৰাধীন হৈ থকা বুলি উল্লেখ কৰিছে আপে৷ গতিকে ইডিৰ চমন নেতাগৰাকীয়ে পুনৰ অগ্রাহ্য কৰিব বুলি আপে স্পষ্ট কৰিছে৷

You might also like