নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনক সমৰ্থন কৰা গ্ৰেটা থুনবাৰ্গৰ বিৰুদ্ধে গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ছোচিয়েল মিডিয়াযোগে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ গমন কৰিছে ভাৰতৰ কৃষক আন্দোলন। আমেৰিকান পপ আইকন ৰিহানা আৰু ছুইডেনৰ জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গে এই আন্দোলনৰ সমৰ্থনত টুইট কৰাৰ পিছতে কৃষক আন্দোলনক লৈ চৰ্চা হয় দেশজুৰি।

এনে চৰ্চাৰ মাজতে আহিছে এক বিশেষ খবৰ। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন মতে, দিল্লী আৰক্ষীয়ে জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গৰ বিৰুদ্ধে আজি ৰুজু কৰে গোচৰ। ভাৰতীয় দণ্ডবিধিৰ ১৫৩-এ আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে ১২০-বি ধাৰাত ৰুজু কৰে গোচৰ।

উল্লেখ্য, কালি গ্ৰেটা থুনবাৰ্গে এটা টুইটযোগে ‘কৃষক আন্দোলনৰ সৈতে এক হৈ আছো’ বুলি উল্লেখ কৰাৰ পিছত আজি পুনৰ কৃষক আন্দেলনক আৰু কিদৰে প্ৰসাৰিত কৰিব পাৰি, তাক লৈ গ্ৰেটাই এটা টুলকিট অৰ্থাত গুগল ডকুমেণ্ট শ্বেয়াৰ কৰিছিল।

You might also like