নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চখ! কপাল বিন্ধাই লগালে ১৭৫ কোটিটকীয়া হীৰা, অনুৰাগীৰ আহ্বান- মূৰটো বচাই ৰাখিব

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ চখ পূৰণ কৰাৰ বাসনা সকলোৰে থাকে। কিন্তু কিছুমান লোকৰ এনে কিছু চখ দেখা যায়, যিয়ে আপোনাৰ চকু কপালত উঠাব পাৰে।

আমেৰিকান লিল উজি বৰ্ট নামৰ ৰেপাৰগৰাকীয়ে কৰিছে এনে এক কাৰ্য। বৰ্টে নিজৰ চখ পূৰণ কৰিবলৈ ১৭৪ কোটি, ৯৯ লাখ, ৮৪ হাজাৰ টকাৰ ১১ কেৰেটৰ এটুকুৰা গুলপীয়া হীৰা লগাই লৈছে কপালত।

কপালত ছিদ্ৰ কৰি দীঘল ফোঁটৰ আকাৰত লগাই লোৱা হীৰা টুকুৰাসহ নিজৰ কেইবাটাও ফটো তথা ভিডিঅ’ ছোচিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে বৰ্টে। হীৰা ডিজাইনৰ বাবে বিখ্যাত কোম্পানী ইলিয়টৰ দ্বাৰা ইয়াৰ ডিজাইন কৰোৱা হৈছে।

লিল উজি বৰ্টৰ আচল নাম Symere Bysil Woods। হীৰাটুকুৰা কপালত লগোৱাৰ প্ৰসংগত ৰেপাৰগৰাকীয়ে কয় যে এয়া তেওঁৰ এটা অপূৰণীয় চখ আছিল। ২০১৭ চনৰ পৰা হীৰা টুকুৰাৰ বাবে তেওঁ মূল্য আদায় দি আছিল আৰু অৱশেষত এইবছৰত মূল্য আদায় দিয়া শেষ হয়।

ইয়াৰ পিছতে তেওঁ কপালত ছিদ্ৰ কৰি লগাই লয়। এগৰাকী অনুৰাগীয়ে ইয়াৰ মূল্য সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত ৰেপাৰ বৰ্টে কয় যে তেওঁৰ সকলো ঘৰ আৰু গাড়ীৰ মূ্ল্যতকৈও অধিক ইয়াৰ মূল্য।

বহু অনুৰাগীয়ে এই সম্পৰ্কত বিভিন্ন মতামত দিছে বৰ্টক। এগৰাকী অনুৰাগীয়ে অৱশ্যে তেওঁক চোৰৰ পৰা সাৱধানে থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। উল্লেখ্য, অতি সোনকালে কপালত ছিদ্ৰ কৰি হীৰা লগোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিব বুলি জনাইছে ৰেপাৰগৰাকীয়ে।

You might also like