নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্রাম্প প্রশাসনে দ্বিতীয়টো কার্যকালৰ দায়িত্ব ল’ব

বিদেশ সচিব মাইক পম্পি’ৰ চাঞ্চল্যকৰ দাবী

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থী জ’ বাইডেন বিজয়ী হৈছে যদিও বাইডেনৰ এই বিজয়ক মানি ল’বলৈ অস্বীকাৰ কৰিছে ড’নাল্ড ট্রাম্পে৷ শেহতীয়াকৈ দেশখনৰ বিদেশ সচিব মাইক পম্পি’ৱে উল্লেখ কৰিছে যে ট্রাম্প প্রশাসনে দ্বিতীয়টো কার্যকালৰ বাবে অতি সহজে যাত্রা কৰিব৷ পম্পি’ৰ মতে ৩ নৱেম্বৰত অনুষ্ঠিত ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্পে জয়লাভ কৰিছে৷ ট্রাম্প প্রশাসনৰ দ্বিতীয়টো কার্যকালৰ দায়িত্ব পালন কৰিবলৈ সাজু থকা বুলি ঘোষণা কৰিছে পম্পি’ৱে৷ পম্পি’ৰ মতে বিশ্ববাসীয়ে লক্ষ্য কৰি আছে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ সকলো দিশ৷ সকলো ভোট দেশখনত পুনৰ গণনা কৰা হ’ব বুলিও হুংকাৰ দিছে পম্পি’ৱে৷

You might also like