নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধ্যাত্মিক শক্তিৰ গভীৰ ব্যাপ্তিৰ প্রকৃত তপস্বী

🔹 সন্ত শিৰোমণি আচার্য শ্রী ১০৮ বিদ্যাসাগৰ জী মহাৰাজলৈ শ্রদ্ধাঞ্জলি

🔹 নৰেন্দ্র মোদী, প্রধানমন্ত্রী

সন্ত শিৰোমণি আচার্য শ্রী১০৮ বিদ্যাসাগৰ জী মহাৰাজজীয়ে অলপতে আমাক সকলোকে শোক সাগৰত পেলাই ইহলীলা সম্বৰণ কৰিছে৷ তেওঁৰ জীৱন হৈছে গভীৰ জ্ঞান, সীমাহীন সহানুভূতি আৰু মানৱতাৰ উৎকর্ষৰ প্রতি অটল প্রতিশ্রুতিৰে ভৰা আধ্যাত্মিকভাৱে পৰিপূর্ণ৷ মই বহুবাৰ তেওঁৰ আশীর্বাদ লাভ কৰাৰ সুযোগ লাভ কৰিছোঁ৷ সেয়েহে তেওঁৰ পৰলোকপ্রাপ্তিত মই গভীৰ ক্ষতি অনুভৱ কৰিছোঁ৷ তেওঁ এগৰাকী পথ প্রদর্শকৰ ৰূপত পোহৰ দেখুৱাই মোৰ লগতে অগণন লোকৰ আত্মাক আলোকিত কৰিছিল৷ তেওঁৰ সুহূদ উষ্মতা, মৰম আৰু আশীর্বাদত কেৱল সদিচ্ছাৰ ইংগিতেই নাছিল, সেয়া যেন আধ্যাত্মিক শক্তিৰ গভীৰ ব্যাপ্তি আছিল, যিয়ে তেওঁৰ সংস্পর্শলৈ অহা সকলো ভাগ্যৱান লোককে শক্তিশালী কৰি তোলাৰ লগতে অনুপ্রেৰণা যোগাইছিল৷
পূজ্য আচার্য জীক সদায় জ্ঞান, সহানুভূতি আৰু সেৱাৰ ত্রিবেণী সংগম হিচাপে স্মৰণ কৰা হ’ব৷ তেওঁ এজন প্রকৃত তপস্বী আছিল, যাৰ জীৱনত ভগৱান মহাবীৰৰ আদর্শৰ প্রতিফলন ঘটিছিল৷ তেওঁৰ জীৱনে জৈন ধর্মৰ মূল নীতিবোৰ পৰিস্ফুট কৰি তুলিছিল, তেওঁৰ নিজৰ কার্য আৰু শিক্ষাৰ জৰিয়তে জৈন ধর্মৰ আদর্শক মূর্ত কৰি তুলিছিল৷ সকলো জীৱৰ প্রতি তেওঁৰ যত্ন আৰু স্নেহপ্রৱণতাই জৈন ধর্মত থকা জীৱনৰ প্রতি গভীৰ সন্মানক প্রতিফলিত কৰিছিল৷ তেওঁ সত্যৰ পথত থাকি জীৱন যাপন কৰিছিল, যি কথাই জৈন ধর্মত অন্তর্নিহিত হৈ থকা চিন্তা, বাক্য আৰু কার্যত সততাৰ বিষয়ক প্রতিফলন ঘটাইছিল৷ তেওঁ এটা অতি সৰল জীৱনশৈলী বজাই ৰাখিছিল৷ তেওঁৰ দৰে মহান ব্যক্তিসকলৰ বাবেই জৈন ধর্ম আৰু ভগৱান মহাবীৰৰ জীৱনৰ দ্বাৰা পৃথিৱীখন অনুপ্রাণিত হৈ আহিছে৷ তেওঁ জৈন সম্প্রদায়ৰ মাজত অতি উচ্চতালৈ আৰোহণ কৰিছিল, কিন্তু তেওঁৰ প্রভাৱ কেৱল এটা সম্প্রদায়ৰ মাজতে সীমাবদ্ধ হৈ নাছিল৷ বিভিন্ন ধর্ম, অঞ্চল আৰু সংস্কৃতিৰ লোকসকল তেওঁৰ ওচৰলৈ আহিছিল৷ তেওঁ সমাজত আধ্যাত্মিক জাগৰণৰ দিশত, বিশেষকৈ যুৱসকলৰ মাজত আধ্যাত্মিক জাগৰণৰ হকে অক্লান্ত পৰিশ্রম কৰিছিল৷
শিক্ষা তেওঁৰ হূদয়ৰ সৈতে সংপৃক্ত হৈ থকা এটা বিষয় আছিল৷ বিদ্যাধৰৰ (তেওঁৰ শৈশৱৰ নাম) পৰা বিদ্যাসাগৰলৈ তেওঁৰ যাত্রা জ্ঞান আহৰণ আৰু জ্ঞান প্রদানৰ বাবে এক গভীৰ প্রতিশ্রুতিস্বৰূপ আছিল৷ তেওঁৰ এই বিষয়ত দৃঢ়বিশ্বাস আছিল যে শিক্ষা হৈছে এক ন্যায়সংগত আৰু আলোকিত সমাজৰ আধাৰশিলা৷ তেওঁ মানুহক শক্তিশালী কৰি তুলিবলৈ আৰু এক উদ্দেশ্যপূর্ণ জীৱন যাপনেৰে সমাজলৈ অৱদান আগবঢ়াবলৈ জ্ঞানক এক সমল হিচাপে ব্যৱহাৰ কৰিছিল৷ তেওঁ প্রদান কৰা শিক্ষাই আত্ম–অধ্যয়ন আৰু আত্ম–সজাগতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্রকৃত জ্ঞানৰ পথ সন্ধান কৰাৰ উপায় দিছিল৷ তেওঁ তেওঁৰ অনুগামীসকলক জীৱনজোৰা শিক্ষা আৰু আধ্যাত্মিক বিকাশত জড়িত হৈ পৰিবলৈ আহ্বান জনাইছিল৷
একে সময়তে সন্ত শিৰোমণি আচার্য বিদ্যাসাগৰ জী মহাৰাজজীয়ে বিচাৰিছিল যে আমাৰ যুৱক–যুৱতীসকলে এনে এক শিক্ষা লাভ কৰক যি শিক্ষা আমাৰ সাংস্কৃতিক নীতিৰ শিপাত নিহিত হৈ আছে৷ তেওঁ প্রায়ে কৈছিল যে আমি অতীতৰ পৰা শিক্ষাগ্রহণ নকৰাৰ বাবেই এতিয়া পানীৰ সংকটৰ দৰে মুখ্য প্রত্যাহ্বানবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই৷ তেওঁ এই কথাও বিশ্বাস কৰিছিল যে সামগ্রিক শিক্ষা হৈছে তেনে শিক্ষা যি শিক্ষাই দক্ষতা আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে৷ তেওঁ ভাৰতৰ ভাষিক বৈচিত্র্যক লৈ অপৰিসীম গৌৰৱ কৰিছিল আৰু যুৱক–যুৱতীসকলক ভাৰতীয় ভাষা শিকিবলৈ উৎসাহিত কৰিছিল৷
পূজ্য আচার্য জীয়ে নিজে সংস্কৃত, প্রাকৃত আৰু হিন্দীত সুন্দৰভাৱে লিখিব পাৰিছিল৷ এজন সাধু হিচাপে তেওঁ কিদৰে উচ্চতাত উপনীত হৈছিল আৰু মাটিৰ সৈতে কিদৰে তেওঁ মিলি আছিল তাৰ উমান তেওঁৰ বিশেষ কাম মুকমতিত প্রতিফলিত হৈছে৷ তেওঁ তেনে কার্যৰ জৰিয়তে সমাজৰ একেবাৰে তলৰ শ্রেণীৰ লোকসকলৰ কণ্ঠস্বৰক সবল কৰিছিল৷
স্বাস্থ্যসেৱাৰ ক্ষেত্রতো পূজ্য আচার্য জীৰ অৱদানে পৰিৱর্তনৰ পৰিৱেশ ৰচনা কৰিছিল৷ তেওঁ কেইবাটাও প্রচেষ্টাৰ সৈতে জড়িত আছিল, বিশেষকৈ স্বাস্থ্যসেৱাৰ পৰা বাদ পৰি থকা এলেকাত তেওঁ এনে পদক্ষেপ গ্রহণ কৰিছিল৷ স্বাস্থ্যসেৱাৰ প্রতি তেওঁৰ দৃষ্টিভংগী আছিল সামগ্রিক, শাৰীৰিক সুস্থতাক আধ্যাত্মিক সুস্থতাৰ সৈতে একত্রিত কৰা আৰু ইয়াৰ জৰিয়তে সামগ্রিকভাৱে ব্যক্তি এগৰাকীৰ প্রয়োজনীয়তা পূৰণ কৰা৷
মই বিশেষকৈ আগন্তুক প্রজন্মক সন্ত শিৰোমণি আচার্য শ্রী বিদ্যাসাগৰ জী মহাৰাজজীৰ ৰাষ্ট্র নির্মাণৰ প্রতি থকা প্রতিবদ্ধতাৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছোঁ৷ তেওঁ সদায় মানুহক যিকোনো পক্ষপাতিত্বমূলক বিবেচনাৰ ঊর্ধ্বত থাকিবলৈ আৰু তাৰ পৰিৱর্তে ৰাষ্ট্রীয় স্বার্থৰ বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল৷ তেওঁ ভোটদান প্রক্রিয়াৰ এগৰাকী অন্যতম শক্তিশালী ভোটদাতা আছিল৷ কাৰণ ভোটদানক তেওঁ গণতান্ত্রিক প্রক্রিয়াত অংশগ্রহণৰ এক অন্যতম উপায় হিচাপে গণ্য কৰিছিল৷ তেওঁ সুস্থ আৰু স্বচ্ছ ৰাজনীতিৰ পোষকতা কৰিছিল, তেওঁ আনকি কৈছিল যে মানুহৰ কল্যাণৰ বাবে নীতি নির্ধাৰণ হ’ব লাগিব, স্বার্থ পূৰণৰ বাবে নহয়৷ তেওঁ বিশ্বাস কৰিছিল যে এক শক্তিশালী ৰাষ্ট্র গঢ়ি উঠে নাগৰিকসকলে তেওঁলোকৰ কর্তব্যৰ প্রতি থকা দায়বদ্ধতাৰ আধাৰত৷ সেই দায়বদ্ধতা হ’ব পাৰে নিজৰ প্রতি, তেওঁলোকৰ পৰিয়ালৰ প্রতি, সমাজ আৰু দেশৰ প্রতি থকা থকা দায়বদ্ধতা৷ তেওঁ মানুহক সততা আৰু আত্মনির্ভৰশীলতাৰ দৰে গুণৰ অধিকাৰী হ’বলৈ উৎসাহিত কৰিছিল, যিবোৰ গুণক তেওঁ এক ন্যায়সংগত, সহানুভূতিশীল আৰু সমৃদ্ধ সমাজ গঢ়ি তোলাৰ বাবে অত্যাৱশ্যকীয় বুলি বিবেচনা কৰিছিল৷ তেওঁৰ কর্তব্যৰ প্রতি দায়বদ্ধতাৰ আহ্বানক অধিক গুৰুত্বপূর্ণ বুলি এইবাবেই বিবেচনা কৰিব পাৰি কাৰণ আমি এখন বিকশিত ভাৰত নির্মাণৰ দিশত কাম কৰি আছোঁ৷ এনে এক যুগত, য’ত সমগ্র বিশ্বতে পৰিৱেশৰ অৱক্ষয় ভয়াৱহ হৈ পৰিছে, পূজ্য আচার্যজীয়ে এনে এক জীৱনশৈলীৰ বাবে আহ্বান জনাইছিল যিয়ে প্রকৃতিৰ ক্ষেত্রত হোৱা ক্ষতি হ্রাস কৰিব৷ একেদৰে তেওঁ আমাৰ অর্থনীতিৰ বিকাশত কৃষিয়ে গ্রহণ কৰা সর্বোচ্চ ভূমিকাৰ কথা ভালদৰে অনুধাৱন কৰিব পাৰিছিল৷ তেওঁ লগতে কৃষিক আধুনিক তথা বহনক্ষম কৰি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল৷ কাৰাবন্দীসকলৰ জীৱনৰ সংস্কাৰৰ দিশত তেওঁ কৰা কামো উল্লেখনীয় আছিল৷
আমাৰ দেশৰ সৌন্দর্য হৈছে এয়াই যে হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ এই পুণ্যভূমিয়ে এনে মহান ব্যক্তি সৃষ্টি কৰিছে, যিয়ে আনক পোহৰ দেখুৱাইছে আৰু আমাৰ সমাজখনক উন্নত কৰি তুলিছে৷ পূজ্য আচার্য জী সেইসকল মহান সাধু আৰু সমাজ সংস্কাৰকসকলৰ ভিতৰত এক সুউচ্চ স্থানত অধিষ্ঠিত হোৱা ব্যক্তি হিচাপে পৰিগণিত হৈছে৷ তেওঁ যিয়েই কৰিছিল, সেয়া তেওঁ কেৱল বর্তমানৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও কৰিছিল৷ যোৱা বছৰৰ নৱেম্বৰ মাহত মই ছত্তিশগড়ৰ ডংগাৰগড়ৰ চন্দ্রগিৰি জৈন মন্দিৰ দর্শন কৰাৰ সুযোগ পাইছিলোঁ৷ মই নাজানিছিলোঁ যে সেই ভ্রমণেই পূজ্য আচার্য জীৰ সৈতে মোৰ অন্তিমটো সাক্ষাৎ হ’ব৷ পূজ্য আচার্য জীক লগ পোৱাৰ সেই মুহূর্তবোৰ মোৰ বাবে সদায় বিশেষ মুহূর্ত হৈ ৰ’ব৷ তেওঁ মোৰ সৈতে দীর্ঘসময় ধৰি কথা পাতিছিল আৰু দেশৰ সেৱাত মোৰ প্রচেষ্টাৰ বাবে মোক আশীর্বাদ দিছিল৷ তেওঁ আমাৰ ৰাষ্ট্রই যি দিশেৰে গতি কৰিছে আৰু ভাৰতে বিশ্ব মঞ্চত যি সন্মান লাভ কৰিছে, তাক লৈ আনন্দ প্রকাশ কৰিছিল৷ তেওঁ কৰি থকা কামৰ বিষয়ে কওঁতে তেওঁৰ মন উৎসাহেৰে ভৰি পৰা মই দেখিছিলোঁ৷ তেতিয়া আৰু সদায়ে তেওঁৰ স্নেহভৰা দৃষ্টি আৰু মৃদু হাঁহিয়ে মোৰ বাবে শান্তি আৰু উদ্দেশ্যৰ অনুভূতি জাগ্রত কৰিবলৈ যথেষ্ট হৈ পৰিছিল৷ তেওঁৰ আশীর্বাদসমূহ আত্মাৰ ওপৰত এক দুখ প্রশমনকাৰী মলমৰ দৰে অনুভৱ হৈছিল, যিয়ে আমাৰ ভিতৰত আৰু আমাৰ চাৰিওফালে থকা ঈশ্বৰৰ উপস্থিতিৰ কথাকেই সোঁৱৰাই আহিছে৷
সন্ত শিৰোমণি আচার্য শ্রী ১০৮ বিদ্যাসাগৰ জী মহাৰাজজীৰ অবর্তমানত তেওঁৰ শূন্যতা সকলোৱে গভীৰভাৱে অনুভৱ কৰিছে৷ যিসকলে তেওঁক চিনি পাইছিল আৰু তেওঁৰ শিক্ষা তথা তেওঁৰ জীৱন দর্শনৰ দ্বাৰা অনুপ্রাণিত হৈছিল তেওঁলোক আটায়েই মহাৰাজ জী নথকাৰ শূন্যতা উপলব্ধি কৰিছে৷ অৱশ্যে তেওঁ সদায় অনুপ্রাণিত হোৱাসকলৰ হূদয় তথা মনত জীয়াই থাকিব৷ তেওঁৰ স্মৃতিক সন্মান জনাই আমি তেওঁ সমর্থন কৰা মূল্যবোধক কঢ়িয়াই নিবলৈ প্রতিশ্রুতিবদ্ধ৷ এনেদৰে আমি কেৱল এজন মহান আত্মাক শ্রদ্ধাঞ্জলি জনোৱাই নহয়, আমাৰ দেশ তথা জনসাধাৰণৰ বাবে তেওঁ নেতৃত্ব দিয়া অভিযানকো আগুৱাই নিব পাৰিম৷

 

You might also like