নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চহৰৰ পৰা ১৫ কিলোমিটাৰ ব্যাসার্ধত হেলমেট পিন্ধাটো এতিয়াৰে পৰা জৰুৰী নহয় !

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ক’ৰোনা মহামাৰীৰ সংহাৰৰ সময়তে ছ’চিয়েল মিডিয়াত দৈনিক বহু খবৰ ভাইৰেল হৈ পৰিছে । হোৱাটছএপত কিছু দিনৰ পৰা এটা মেছেজ অধিক ভাইৰেল হৈ আছে, য’ত কোৱা হৈছে যে চহৰৰ পৰা ১৫ কিলোমিটাৰ ব্যাসার্ধত হেলমেট পিন্ধাটো জৰুৰী নহয় !

এই খবৰৰ যেতিয়া তদন্ত চলিল তেন্তে জানিব পৰা গ’ল যে এই খবৰ সম্পূৰ্ণ অসত্য । প্ৰেছ ইনফৰমেশ্যন ব্যুৰো চমুকৈ পিআইবিয়ে এই খবৰ সম্পূৰ্ণ মিছা বুলি জনায় । ইয়াৰ লগতে সকলোকে হেলমেট পিন্ধিবলৈ আহ্বানো জনায় ।

You might also like