নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত স্বদেশলৈ উভতিল ৭ ভাৰতীয় প্রাক্তন নৌসেনা বিষয়া

🔹 কাটাৰত ভাৰতৰ কূটনৈতিক জয় 

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰী : কাটাৰত ভাৰতৰ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ বৃহৎ কূটনৈতিক জয়৷ চোৰাংচোৱাগিৰিৰ অপৰাধত প্রথমে মৃত্যুদণ্ড আৰু পাছলৈ নতুন দিল্লীৰ হস্তক্ষেপত যাৱজ্জীৱন কাৰাদণ্ডৰে কাৰাবাসত থকা আঠ ভাৰতীয় প্রাক্তন নৌসেনা বিষয়াক অৱশেষত মুকলি কৰি দিলে কাটাৰে৷ মুক্ত ৮ ভাৰতীয় প্রাক্তন বিষয়া স্বদেশলৈ উভতি আহিছে৷ উল্লেখ্য যে ২০২২ চনৰ অক্টোবৰত কাটাৰত কর্তব্যৰত ভাৰতৰ ৮ প্রাক্তন নৌসেনা বিষয়াক চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দেশখনৰ চৰকাৰে গ্রেপ্তাৰ কৰে আৰু উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায় বিহে৷ প্রাক্তন নৌসেনা বিষয়াৰ পৰিয়ালৰ লগতে বিভিন্ন সংগঠনৰ আহ্বানত গুৰুত্ব দি নতুন দিল্লীয়ে মৃত্যুদণ্ড বিহা প্রাক্তন নৌসেনা বিষয়াৰ গোচৰটো সন্দর্ভত দেশখনৰ সৈতে আলোচনা কৰে৷ সেইমর্মে নতুন দিল্লীৰ হস্তক্ষেপত কাৰাবন্দী নৌসেনা বিষয়াকেইজনৰ শাস্তি মৃত্যুদণ্ডৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্রাস কৰা হয়৷ ভাৰতৰ বৈদেশিক মন্ত্রালয়ে বিষয়টোক অতি গুৰুত্বসহকাৰে লৈ কাটাৰৰ সৈতে কূটনৈতিক সম্পর্ক বর্তাই ৰাখি কাৰাবন্দী ভাৰতীয়কেইজনক মোকলাই অনাৰ বাবে পদক্ষেপ গ্রহণ কৰে৷ সেইমর্মে কাটাৰ চৰকাৰে ভাৰতৰ প্রতি লক্ষ্য ৰাখি কাৰাবন্দী বিষয়াকেইজনক মুকলি কৰি দিয়ে আৰু তথ্য মতে আঠ ভাৰতীয় প্রাক্তন নৌসেনা বিষয়াৰ ভিতৰত সাতজন ভাৰতলৈ উভতি আহিছে৷ বৃহৎ কূটনৈতিক জয়েৰে কাটাৰৰ পৰা প্রাক্তন নৌসেনা বিষয়াকেইজনক স্বদেশলৈ ওভতাই অনাৰ পাছত কেন্দ্রীয় চৰকাৰে কাটাৰৰ সিদ্ধান্তক আদৰণি জনাইছে৷ স্বদেশলৈ উভতি অহাত সকলোপ্রকাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে কাটাৰৰ আমিৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে নতুন দিল্লীয়ে৷ কাটাৰৰ সৈতে আইনী প্রক্রিয়াৰ মাজেৰে আলোচনাৰ অন্তত স্বদেশলৈ ওভতাই আনিবলৈ সক্ষম হোৱা ভাৰতীয় প্রাক্তন নৌসেনা বিষয়াকেইজন হৈছে কেপ্টেইন নৱতেজ সিং গীল, কেপ্টেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ পুৰেনেন্দু তিৱাৰী, কেপ্টেইন বীৰেন্দ্র কুমাৰ বার্মা, কমাণ্ডাৰ সুগুনাকাৰ পাকালা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কমাণ্ডাৰ অমিত নাগপাল আৰু নাবিক ৰাগেশ৷ এই বিষয়াকেইজনে নৌসেনাত কর্মৰত অৱস্থাত অনেক বঁটা–সন্মান লাভ কৰিছিল৷ অভিজ্ঞতাৰ আধাৰতেই কাটাৰত ব্যক্তিগত খণ্ডৰ কোম্পানীত জড়িত হৈছিল আৰু কাটাৰৰ কর্তৃপক্ষই সন্দেহবশতঃ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ২০২২ চনৰ আগষ্টত গ্রেপ্তাৰ কৰিছিল৷ বিভিন্ন প্রক্রিয়াৰ মাজেৰে ২০২৪ চনৰ ১২ ফেব্রুৱাৰীত কাৰাগাৰৰ পৰা মুকলি হৈ স্বদেশলৈ উভতি আহিছে৷

 

You might also like