নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত উমা ভাৰতী

কেদাৰনাথ–বদ্রীনাথ দর্শনৰ পিছতেই অসুস্থ

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   জ্যেষ্ঠ বিজেপি নেত্রী উমা ভাৰতী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ নেত্রীগৰাকীয়ে কেদাৰনাথ আৰু বদ্রীনাথ যাত্রাৰ পিছতে ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰিছে৷ স্মর্তব্য যে ক’ভিড সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ সকলো ধৰণৰ নির্দেশনা মানি সোমবাৰে কেদাৰনাথ মন্দিৰ ভ্রমণ কৰি পূজা–অর্চনা আগবঢ়াইছিল উমা ভাৰতীয়ে৷ ২৪ ছেপ্টেম্বৰত নেত্রীগৰাকীয়ে চামলি জিলাস্থিত বদ্রীনাথ মন্দিৰ দর্শন কৰিছিল৷ লক্ষণীয়ভাৱে উত্তৰাখণ্ডৰ পাউৰি গাড়োৱালত হোম আইছ’লেচনত বর্তমান সকলো চিকিৎসা গ্রহণ কৰি আছে নেত্রীগৰাকীয়ে৷ বিভিন্ন মহলে উমা ভাৰতী মন্দিৰত ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত হোৱা বুলি আশংকা কৰিছে যদিও নেত্রীগৰাকীয়ে এই কথা অস্বীকাৰ কৰিছে৷ মন্দিৰৰ পুৰোহিতৰ পৰা তেওঁৰ দেহলৈ ক’ভিড বিয়পা নাই বুলি স্পষ্ট কৰি দি গাড়ীচালকৰ পৰা ইয়াৰ সংক্রমণ ঘটিছে বুলি আশংকা ব্যক্ত কৰে ভাৰতীয়ে৷

You might also like