নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ৰেষ্টুৰেন্ট, ধাবা আৰু অন্যান্য ভোজনালয়সমূহ খোলা থাকিব নে! নিৰ্দেশনাই কি কয়?

নিয়মীয়া বাৰ্তা, ১২ মে’: ৰাজ্যখনত দ্বিতীয় পর্যায়ৰ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে অসম চৰকাৰে বুধবাৰে নতুন এছঅ’পি জাৰি কৰে৷ ৰাজ্যত ১৫ দিনৰ বাবে মিনি লকডাউন। ১ বজাত বন্ধ হ’ব লাগিব দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান।

ৰেষ্টুৰেন্ট, ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি ১-০০ বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথিৰ সেৱা কৰিব পাৰিব। ইয়াৰ পিছত হোটেলৰ আৱাসীসকলক নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব। আবেলি ১-০০ বজাৰ পিছত খাদ্যৰ ঘৰুৱা বিতৰণসহ কঢ়িয়াই নিব পাৰিব।

উল্লেখ্য যে এই নির্দেশনাৱলীসমূহ ১৬, মে ২০২১ তাৰিখৰ পৰা পুনৰ নির্দেশ নিদিয়া পর্যন্ত বলবৎ থাকিব।

You might also like