নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাজমহলত গেৰুৱা পতাকা উৰুওৱা চাৰি অভিযুক্তক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ তাজমহলত গেৰুৱা পতাকা উৰুওৱা কট্টৰ হিন্দুপন্থী সংগঠনৰ চাৰিজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠনটোৰ সদস্য এই চাৰিজন লোকে ঐতিহাসিক প্রাসাদ তাজমহলত গেৰুৱা পতাকা উৰুৱাই থকা দৃশ্য ছ’চিয়েল মিডিয়াত মুকলি হৈছিল৷ ইয়াৰ পিছতেই চাৰিওজন লোকক চিনাক্ত কৰি প্রশাসনে গ্রেপ্তাৰ কৰিছে৷

তাজমহলত নিয়োজিত চি আৰ পি এফৰ জোৱানে চাৰিওজন লোকক গ্রেপ্তাৰ কৰি আগ্রা আৰক্ষীৰ হাতত কালি গতাই দিয়ে৷ এই লোককেইজনক গৌৰৱ ঠাকুৰ, ছনু বাঘেল, বিশেশ কুমাৰ আৰু ঋষি লাবনিয়া বুলি চিনাক্ত কৰা হৈছে৷ ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত অভিযুক্ত লোককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ৷

You might also like