নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনকুবেৰ বিলিয়নেয়াৰৰ মহানগৰ বেইজিং

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ ধনকুবেৰৰ বসতি অঞ্চল হৈ পৰিছে কমিউনিষ্ট চীনৰ বিভিন্ন চহৰ৷ শেহতীয়াকৈ ফ’বছৰ তালিকা অনুসৰি চীনৰ ৰাজধানী বেইজিং হৈ পৰিছে অধিকসংখ্যক বিলিয়নেয়াৰ ধনকুবেৰৰ বাসভূমি৷ যোৱা বছৰত বেইজিঙত বিলিয়নেয়াৰৰ তালিকাত নতুনকৈ সংযোজন ঘটিছে ৩৩গৰাকী ধনকুবেৰৰ নাম৷ বর্তমান বাণিজ্যিক বার্তালোচনী ‘ফ’বছ’ৰ প্রতিবেদন অনুসৰি বেইজিঙত আছে মুঠ ১০০গৰাকী বিলিয়নেয়াৰ ধনকুবেৰ৷ নিউয়র্ক চহৰক অতিক্রম কৰি এইক্ষেত্রত বেইজিঙে শীর্ষ স্থান লাভ কৰিছে৷ নিউয়র্কত আছে বিশ্বৰ সমৃদ্ধিশালী ৯৯গৰাকী ব্যক্তি৷ উল্লেখনীয় যে ক’ভিড–১৯ মহামাৰীৰ সময়ত প্রযুক্তি প্রতিষ্ঠান আৰু ষ্টক মার্কেটে চীনত এনেদৰে ধনকুবেৰসকলক বিশাল সম্পত্তিৰ গৰাকী হোৱাত সহায় কৰা বুলি বার্তালোচনীখনত উল্লেখ কৰা হৈছে৷ অৱশ্যে নিউয়র্কত থকা ধনকুবেৰসকলৰ মুঠ সম্পদতকৈ বেইজিঙৰ ধনকুবেৰসকলৰ সম্পদৰ পৰিমাণ যথেষ্ট কম বুলি উল্লেখ কৰা হৈছে তালিকাত৷ বেইজিঙৰ আটাইতকৈ ধনী ব্যক্তি ঝাং য়িমিঙৰ সম্পত্তি যোৱা বছৰত ৩,৫৬০ কোটি ডলাৰলৈ বৃদ্ধি পাইছে৷ য়িমিং হৈছে ভিডি’ শ্বেয়াৰিং এপ টিক্টক্ৰ প্রতিষ্ঠাতা৷ ইয়াৰ বিপৰীতে নিউয়র্ক চহৰত আটাইতকৈ ধনী ব্যক্তিগৰাকী হৈছে প্রাক্তন মেয়ৰ মাইকেল ব্লুমবার্গ৷ যোৱা বছৰটোত ব্লুমবার্গৰ সম্পত্তি ৫,৯০০ কোটি ডলাৰলৈ বৃদ্ধি পাইছিল৷ লক্ষণীয়ভাৱে বিগত বর্ষটোত বিশ্বত ৪৯৩গৰাকী ধনকুবেৰে বিলিয়নেয়াৰৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ অর্থাৎ প্রতি ১৭ ঘণ্টাত এজনকৈ ধনকুবেৰৰ সৃষ্টি হৈছে পৃথিৱীত৷ ভাৰতত থকা ধনকুবেৰ বিলিয়নেয়াৰৰ সংখ্যা হৈছে ১৪০গৰাকী৷ এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলত থকা মুঠ ধনকুবেৰৰ সংখ্যা হৈছে ১,১৪৯গৰাকী৷

You might also like