নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডেন “বিশ্বৰ শ্ৰেষ্ঠ কনিষ্ঠ অভিযন্তা”, লাডেনক ভাল পোৱা বিষয়াক চাকৰিৰ পৰা নিলম্বন

বিশেষ বাৰ্তা, ২ জুনঃ কাৰ্যালয়ত ওছামা বিন লাডেনৰ এখন ফটো আঁৰি নিলম্বন হ’ল এজন বিষয়া। উত্তৰ প্ৰদেশৰ চৰকাৰী শক্তি বিতৰণ কোম্পানী এটাৰ এজন বিষয়াক বুধবাৰে নিলম্বিত কৰা হয়। ফটোখনত আল কায়দা সন্ত্ৰাসবাদীজনক “বিশ্বৰ শ্ৰেষ্ঠ কনিষ্ঠ অভিযন্তা” বুলি অভিহিত কৰা হৈছে। জানিব পৰা মতে, দক্ষিণাঞ্চল বিদ্যুৎ বিতৰন সংস্থা লিমিটেড (ডিভিভিএনএল)ৰ মহকুমা বিষয়া (এছডিঅ’) ৰবীন্দ্ৰ প্ৰকাশ গৌতমে কাৰ্যালয়ত কুখ্য়াত সন্ত্ৰাসবাদী বিন লাডেনৰ ফটো লগোৱাইয়ে নহয়,ফটোখনৰ তলত লিখি থৈছিল “বিশ্বৰ শ্ৰেষ্ঠ কনিষ্ঠ অভিযন্তা সন্মানীয় ওছামা বিন লাডেন” বুলি। ফটো আৰু মেছেজটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে উচ্চস্তৰীয় বিষয়াই এইজন বিষয়াৰ নিলম্বনৰ নিৰ্দেশ দিয়ে। লগতে লাডেনৰ ফটোখনো আঁতৰাই পেলোৱা হয়। ইপিনে, নিলম্বিত বিষয়াজনে আত্মপক্ষ ৰক্ষাৰ চেষ্টা চলাই কয় যে যিকোনো ব্যক্তিয়েই কাৰোবাৰ আদৰ্শ হ’ব পাৰে। ওছামা আছিল বিশ্বৰ শ্ৰেষ্ঠ কনিষ্ঠ অভিযন্তা। ছবিখন আঁতৰাই পেলোৱা হৈছে যদিও তেওঁৰ হাতত কেইবাটাও কপি আছে বুলিও জনায়।

You might also like