নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰাঘৰতে থাকিব লাগিব প্রাক্তন উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : সদ্য পদত্যাগী উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়ক লৈ বিৰোধীয়ে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ সময়তে আন এক তথ্য পোহৰলৈ আহিছে৷ সেই অনুসৰি আবেদন কৰিও চৰকাৰী ঘৰৰ পৰিৱর্তে অতিকমেও দুমাহ ভাৰাঘৰতে দিন অতিবাহিত কৰিব লাগিব প্রাক্তন উপ–ৰাষ্ট্রপতিগৰাকীয়ে৷

কিয়নো তেওঁৰ বাবদ আবণ্টিত ঘৰটো ইতিমধ্যে এগৰাকী কেন্দ্রীয় মন্ত্রীৰ দখলত আছে৷ নিয়ম অনুসৰি অৱসৰপ্রাপ্ত উপ–ৰাষ্ট্রপতিগৰাকীয়ে পূর্বৰ ৰাষ্ট্রপতিসকলৰ দৰেই সম্পূর্ণ সুবিধা পাব লাগে৷ কিন্তু উপ–ৰাষ্ট্রপতি পদ ত্যাগৰ পাছত বহুদিন ধৰি ঘৰ বিচাৰি আবেদন কৰা নাছিল৷ শেহতীয়াকৈ লুটিয়েনছৰ দিল্লীৰ ৩৪ এপিজে আব্দুল কালাম মার্গত এটা টাইপ–৮ বাংলো আবণ্টন দিয়া হৈছে যদিও ঘৰটোত আছে এগৰাকী মন্ত্রী৷ তেওঁ ঘৰটো খালী কৰিলেও পুনৰ মেৰামতিৰ বাবে বহু সময়ৰ প্রয়োজন হ’ব৷

You might also like