কোৱাড সন্মিলনত অংশগ্রহণ নকৰে ট্রাম্পে : শুল্ক বোমাৰ পাছত ভাৰত–আমেৰিকাৰ মাজত ব্যৱধান বৃদ্ধি
নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : চলিত বর্ষৰ শেষভাগত ভাৰতত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত অংশগ্রহণ নকৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ নিউয়র্ক টাইমছৰ এক প্রতিবেদনত এই দাবী কৰা হৈছে৷ অষ্ট্রেলিয়া, ভাৰত, জাপান আৰু আমেৰিকাক লৈ কোৱাড গঠন কৰা হৈছিল৷
ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আগ্রাসনৰ সৈতে মোকাবিলা কৰিবলৈ এই দেশসমূহে হাত মিলাইছিল৷ বাইডেনৰ শাসনকালত বাৰে বাৰে অভিযোগ উত্থাপন হৈছিল যে কোৱাড ক্রমান্বয়ে অপ্রাসংগিক হৈ পৰিছে৷ কিন্তু অঞ্চলটোত চীনৰ আগ্রাসনে ব্যাপক ৰূপ লোৱাৰ লগে লগে কোৱাডৰ গুৰুত্ব পুনৰ বৃদ্ধি পালে৷ ইয়াৰ পৰিপ্রেক্ষিতত চলিত বর্ষৰ জানুৱাৰী মাহত আমেৰিকাত অনুষ্ঠিত হৈছিল কোৱাড সন্মিলন৷ এই সন্মিলনত ভাৰতে অংশগ্রহণ কৰিছিল৷ সন্মিলনত ভাৰতে স্পষ্টভাৱে বিশ্বৰ মংগলৰ কাৰণে কাম কৰিব বুলি কোৱাৰ লগতে অঞ্চলটোত কাৰো দাদাগিৰি সহ্য কৰা নহ’ব বুলিও বুজাই দিছিল৷ কিন্তু সন্মিলনৰ এবছৰ নৌহওঁতেই সমগ্র পৰিস্থিতিয়ে নতুন মোৰ লৈছে৷ এফালে ট্রাম্পে শুল্ক বোমা নিক্ষেপ কৰি ভাৰতৰ পৰা নিজকে আঁতৰাই ৰাখিছে৷ আনফালে, ভাৰত আৰু চীনে শত্রুতা পাহৰি বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তুলিছে৷
কালি টিয়ানজিনত এছচিঅ’ সন্মিলনৰ পূর্বে প্রধানমন্ত্রী মোদী আৰু জিনপিঙে প্রায় ৫০ মিনিটজোৰা বৈঠকত মিলিত হয়৷ বৈঠকত দুয়োগৰাকী নেতাই বর্তমান সময়ৰ পৰিপ্রেক্ষিতত দেশ দুখনৰ মাজৰ সম্পর্ক অতি জৰুৰী বুলি সহমত প্রকাশ কৰিছে৷ ইফালে, কোৱাড সন্মিলনত অংশগ্রহণৰ বাবে ডিচেম্বৰ মাহত ট্রাম্পে ভাৰত ভ্রমণলৈ অহাৰ কথা আছিল যদিও বিগত সময়ত ভাৰত–পাকিস্তানৰ মাজৰ যুদ্ধত মধ্যস্থতা কৰি সমাধান কৰা বুলি ট্রাম্পে কৰা দাবী নস্যাৎ কৰাৰে পৰা ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পর্ক বিঘ্ণিত হৈছে৷ তদুপৰি বিগত সময়ছোৱাত শুল্ক বোমা আৰোপ কৰাৰ পাছত ট্রাম্পে প্রধানমন্ত্রী মোদীলৈ কৰা টেলিফোনো গ্রহণ নকৰাটোৱে মার্কিন ৰাষ্ট্রপতিগৰাকীক একপ্রকাৰ অৱজ্ঞা কৰা বুলি চর্চা চলিছে৷ তেতিয়াৰে পৰা ক্ষোভত থকা মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে শুল্কৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি কৰিছিল৷ ট্রাম্পে আনকি ইউক্রেইন–ৰাছিয়াৰ যুদ্ধৰ বাবে ভাৰতক পৰোক্ষভাৱে দোষাৰোপ কৰি আহিছে৷ এনে তিক্ততাপূর্ণ সম্পর্কৰ পিছত ট্রাম্পে ভাৰতলৈ নহাৰ সিদ্ধান্ত লোৱা বুলি প্রকাশ পাইছে৷