🔹 তামিলনাডুৰ সঞ্জয় কান্দাস্বামীক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা
বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : দুঃস্বপ্ন আৰু সাধুকথা যেন একেটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ আজিৰ পৰা ২৫ বছৰ পূর্বে ২০মহীয়া এটি শিশুৰ শৰীৰত বৃহৎ সমস্যা আছিল৷ যকৃত সংৰোপণ নকৰিলে এই শিশুটিক ৰক্ষা কৰাৰ উপায় নাছিল৷ ২৫ বছৰ পিছত সেই শিশুটি এতিয়া এজন তজবজীয়া যুৱক৷ আনকি প্রতিষ্ঠিত এগৰাকী চিকিৎসক৷ তামিলনাডুৰ বাসিন্দা সঞ্জয় কান্দাস্বামীৰ জীৱনৰ কাহিনীক লৈ এতিয়া সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ ১৯৯৮ চনত দিল্লীৰ ইন্দ্রপ্রস্থ এপলো হাস্পতালত ভর্তি কৰোৱা হৈছিল সঞ্জয়ক৷ জন্মৰ পৰাই বিলিয়াৰি আর্টেছিয়া নামৰ যকৃতৰ এবিধ ৰোগত আক্রান্ত আছিল সঞ্জয়৷ চিকিৎসকসকলে সঞ্জয়ৰ শৰীৰত অন্য যকৃত সংৰোপণ কৰিব লাগিব বুলি জনাই দিয়ে৷ পুত্রৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ যকৃত দান কৰে পিতৃয়ে৷ সেই জটিল অস্ত্রোপচাৰ সম্পন্ন হয়৷ ভাৰতৰ প্রথমটো শিশু হিচাপে শৰীৰত লিভাৰ সংৰোপণ কৰা হৈছিল সঞ্জয়ৰ৷ ইয়াৰ পিছত সুস্থ হৈ উঠে সঞ্জয়৷ বর্তমান এগৰাকী প্রতিষ্ঠিত চিকিৎসক সঞ্জয় কান্দাস্বামী৷ লিভাৰ সংৰোপণৰ পিছত নিৰোগী জীৱন লাভ কৰি চিকিৎসক হোৱাৰ সংকল্প লৈছিল সঞ্জয়ে৷ সঞ্জয়ৰ উদ্দেশ্য হৈছে মানুহৰ জীৱন ৰক্ষা কৰা৷ লক্ষণীয়ভাৱে সঞ্জয়ে যকৃতৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷