নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰীহৰ ‘মৃত্যুপুৰী’ত পৰিণত গাজাৰ আল–ছিফা হাস্পতাল

🔹 ইজৰাইলী সেনাৰ নৃশংসতা : ভয়াৱহ দৃশ্য প্রত্যক্ষ বিশ্ব সংস্থাৰ প্রতিনিধিৰ

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : ইজৰাইলৰ বোমাবর্ষণত মৃত্যু উপত্যকাত পৰিণত হৈছে গাজা ভূখণ্ড৷ গাজাৰ আল–ছিফা হাস্পতাল এতিয়া ৰোগীৰ বধ্যভূমিত পৰিণত হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা গাজাৰ বৃহত্তম হাস্পতালখনক ‘মৃত্যুপুৰী’ বুলি অভিহিত কৰা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়ববীয়াই এই হাস্পতাল চৌহদ পৰিদর্শন কৰাৰ পিছতে ইয়াক ‘মৃত্যুপুৰী’ বুলি অভিহিত কৰা হৈছে৷ আল–ছিফা হাস্পতালত ইজৰাইলে চলোৱা যুদ্ধৰ ভয়াৱহতা দেখি শিহৰিত হৈ পৰিছে ৰাষ্ট্রসংঘৰ নেতৃত্বত যোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ যৌথ বিষয়ববীয়াৰ দল৷ উল্লেখনীয় যে ইজৰাইলী সেনাই হাস্পতালখনত প্রৱেশ কৰি ইয়াত আবদ্ধ লোকসকলক বাহিৰ কৰি দিয়াৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়ববীয়াৰ দল হাস্পতালখনত উপস্থিত হয়৷ হাস্পতালখনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিনিধিয়ে গুলীচালনা আৰু মর্টাৰ নিক্ষেপৰ প্রামাণিক তথ্য লাভ কৰে৷ হাস্পতালৰ প্রৱেশ পথতে গণকবৰো প্রত্যক্ষ কৰে প্রতিনিধি দলটোৱে৷ এই গণকবৰত ৮০গৰাকী লোকৰ মৰণোত্তৰ অৱশেষ থকা বুলি দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ উল্লেখনীয় যে গাজাৰ আটাইতকৈ বৃহৎ আৰু উন্নত চিকিৎসাৰ সুবিধা থকা হাস্পতাল আছিল আল–ছিফা৷ ইজৰাইলী সেনাই এই হাস্পতালৰ ৰোগীসকলক স্থানান্তৰ কৰিবলৈ নির্দেশ দিয়াৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ তিনি শতাধিক জটিল ৰোগত আক্রান্ত লোকক ইজৰাইলী সেনাই স্থানান্তৰ কৰিবলৈ নির্দেশ দিয়াৰ লগে লগে বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহ সৰৱ হৈ পৰিছে৷ অৱশ্যে ইজৰাইলে এই নির্দেশ দিয়াৰ কথা অস্বীকাৰ কৰিছে৷ কিন্তু আল–ছিফা হাস্পতালৰ পৰা পলায়ন কৰা লোকসকলে শীঘ্রে হাস্পতাল খালী কৰাৰ নির্দেশ দিয়া বুলি আন্তর্জাতিক সংবাদ মাধ্যমক জনায়৷

You might also like